গুৱাহাটী : মহানগৰী গুৱাহাটীত আন এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড। দিন দুপৰতে মহানগৰী গুৱাহাটীত সংঘটিত হৈছে ডকাইতিকাণ্ড। অস্ত্ৰ দেখুৱাই ডকাইতৰ দলে লুটি নিলে নগদ ১০ লাখ টকাসহ সোণৰ অলংকাৰ। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

মহানগৰী গুৱাহাটীত পুনৰ আৰক্ষীৰ ব্যৰ্থতাৰ সুযোগ গ্ৰহণ কৰি ডকাইতৰ দলে সংঘটিত কৰিলে ডকাইতিকাণ্ড। দিন দুপৰতে মহানগৰী গুৱাহাটীৰ ব্যস্ত পল্টন বজাৰত ডকাইতৰ দলে সংঘটিত কৰিলে ডকাইতিকাণ্ড। কিৰণশ্ৰী ৰেচিডেন্সি নামৰ ফ্লেটত চাৰি জনীয়া ডকাইতৰ দল এটাই প্ৰৱেশ কৰি তিনিটাকৈ আৱাসীৰ ঘৰত ডকাইতিকাণ্ড সংঘটিত কৰে।

হাতত অস্ত্ৰ লৈ চাৰি জনীয়া ডকাইতৰ দলটোৱে কিৰণশ্ৰী ৰেচিডেন্সিৰ চতুৰ্থ মহলত থকা গৌতম চাজেৰ, সঞ্জু চাজেৰ আৰু বিমলা চাজেৰ বাসগৃহত প্ৰৱেশ কৰি লুটি নিয়ে নগদ ১০ লাখ টকাসহ সোণৰ অলংকাৰ। ডকাইতৰ দলটোৱে মহিলা সকলক মাৰপিট কৰি মহিলা সকলে পিন্ধি থকা সোণৰ অলংকাৰো লুটি নিয়ে।

ডকাইতিকাণ্ড সংঘটিত হোৱাৰ সময়ত বাসগৃহ কেইটাত পুৰুষ সদস্য নাছিল। দুগৰাকী মহিলা আৰু কণমানি সন্তান বাসগৃহত আছিল ডকাইতিকাণ্ডৰ সময়ত। ডকাইতৰ দলটোৰ দৃশ্য চি চি টিভি কেমেৰাত আৱদ্ধ হৈছে। ঘটনাস্থলীত পল্টন বজাৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। দুপৰীয়া ১২.৩০ বজাত এই ডকাইতিকাণ্ড সংঘটিত হয়।