চিৰাং : চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তত আৰক্ষী আৰু দুৰ্বৃত্তৰ মাজত সংঘর্ষ। আৰক্ষীৰ গুলীত নিহত দুজন অস্ত্ৰধাৰী যুৱক। আৰক্ষী আৰু দুৰ্বৃত্তৰ মাজত হোৱা সংঘর্ষত আহত হৈছে চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধী। ডকাইতৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা আৰক্ষীৰ দলটোৰ লগত দুৰ্বৃত্তৰ সংঘর্ষ।

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণিখাতা থানাৰ অন্তৰ্গত চিদাগুৰিত আৰক্ষী আৰু দুৰ্বৃত্তৰ মাজত হোৱা সংঘর্ষত দুজন যুৱক নিহত হৈছে। কিছুদিন পূৰ্বে আমটেকাত সংঘটিত হোৱা এক ডকাইতিকাণ্ডৰ মূল অভিযুক্তৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা আৰক্ষীৰ দলটোৰ ওপৰত গুলী চালনা কৰে দুৰ্বৃত্তৰ দলটোৱে। আৰক্ষীয়ে প্ৰত্যুত্তৰত গুলী চালনা কৰাত দুজন দুৰ্বৃত্ত নিহত হয়।

নিহত দুৰ্বৃত্ত দুজনৰ এজনৰ মহন্ত নাৰ্জাৰী বুলি চিনাক্ত কৰা হৈছে, আনজন এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। আনহাতে এই সংঘর্ষত আহত হৈছে চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধী৷ চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধীৰ সোঁ হাতত দুটাকৈ গুলী লাগিছে বুলি জানিব পৰা গৈছে। নিহত দুৰ্বৃত্ত দুনজ এনএলএফবিৰ প্ৰাক্তন সদস্য।

ঘটনাস্থলীৰ পৰা দুটা দুটা পিষ্টলৰ লগতে বহু সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে। ইফালে জিলাখনৰ ধালিগাঁও থানাৰ অন্তৰ্গত খামাৰপাৰাতো আন এক গুলী চালনাৰ ঘটনা সংঘটিত হৈছে। এই গুলী চালনাৰ ঘটনাত নিহত হৈছে এজন যুৱক। দুৰ্বৃত্তৰ গুলীত নিহত হোৱা যুৱকজন ৰাজা বড়ো বুলি চিনাক্ত কৰা হৈছে। দুৰ্বৃত্তৰ গুলীত থিতাতে নিহত হয় ৰাজ বড়ো নামৰ যুৱকজন।