জোনমণি বেগম
বিশ্বনাথ : বিশ্বনাথ আৰক্ষীৰ গুলী চালনা। ৭ বছৰীয়া কন্যা শিশুৰ লগত অপকৰ্ম কৰা লম্পটক লক্ষ্য কৰি বিশ্বনাথ আৰক্ষীৰ গুলী চালনা। বিশ্বনাথ আৰক্ষীৰ গুলীত আহত হৈছে ৬০ বছৰীয়া লম্পট মহিম শৰ্মা। লম্পট মহিম শৰ্মাৰ ভৰিত গুলী লাগিছে।

অপৰাধীক লক্ষ্য কৰি পুনৰ অসম আৰক্ষীৰ গুলী চালনা। এইবাৰ বিশ্বনাথ আৰক্ষীৰ গুলীত আহত হৈছে মহিম শৰ্মা নামৰ এজন ৬০ বছৰীয়া লম্পট। নিশা বিশ্বনাথৰ জিনজিয়াত সংঘটিত হৈছে এই গুলী চালনাৰ ঘটনা। নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে মহিম শৰ্মাক লক্ষ্য কৰি গুলী চালনা কৰিবলৈ বাধ্য হয়।

লম্পট মহিম শৰ্মাৰ ভৰিত আৰক্ষীৰ গুলী লাগিছে। আৰক্ষীৰ গুলীত আহত হোৱা মহিম শৰ্মা নামৰ লম্পটজনক নিশাই তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। বিশ্বনাথৰ কাঠনিবাৰীত এগৰাকী ৭ বছৰীয়া কন্যা শিশুক ফুচলাই নি অপকৰ্ম কৰিছিল ৬০ বছৰীয়া লম্পট মহিম শৰ্মাই।

৭ বছৰীয়া কন্যা শিশুৰ লগত লম্পট মহিম শৰ্মাই অপকৰ্ম কৰাৰ অপৰাধত ৰাইজে মুখত চূণ সানি, চেণ্ডেলৰ মাল পিন্ধাই উত্তম-মাধ্যম সোধাই জিনজিয়া আৰক্ষীক গতাই দিছিল। লম্পটজন পূৰ্বেও এনেধৰণৰ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল ৰাইজে। লম্পট মহিম শৰ্মাক ফাঁচী অথবা এনকাউন্টাৰ কৰাৰ দাবী জনাইছিল স্থানীয় ৰাইজে।