গুৱাহাটী : অসমৰ বিএভিপিৰ স্বৰ্গদেউ চ্যু-কা-ফা মাল্টিস্পেচিয়েলিটি চিকিৎসালয়ৰ চিকিৎসকসকলে অতি কম খৰচত তাৎক্ষণিক চিকিৎসা প্ৰদান কৰি গুৰুত্বৰ নিউমোনিয়াত ভুগি থকা ১০ মহীয়া শিশু অনামিকা ৰবিদাসৰ জীৱন ৰক্ষা কৰিছে। এজন দৈনিক মজুৰী কৰ্মী হিচাপে কাম কৰা অনামিকাৰ পিতৃয়ে তেওঁৰ সন্তানৰ অৱস্থাৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰাৰ পিছত অনুভৱ কৰে যে সময় শেষ হৈ আহিছে আৰু খৰধৰকৈ স্বৰ্গদেউ চ্যু-কা-ফা মাল্টিস্পেচিয়েলিটি চিকিৎসালয়লৈ লৈ যায়।

পকেটত মাত্ৰ ২৫০০ টকা থকা পিতৃ গৰাকীয়ে অনামিকাক ৰক্ষা কৰিব পাৰিব নে নাই সেই সম্পৰ্কে নিশ্চিত নাছিল। চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছত, তেওঁ চিকিৎসকৰ এটা দলৰ সৈতে কথা পাতি তেওঁলোকক তেওঁৰ আৰ্থিক অৱস্থাৰ বিষয়ে অৱগত কৰে। ৰোগীক চিকিৎসা কৰাৰ নৈতিক প্ৰমূল্যক অগ্ৰাধিকাৰ দি চিকিৎসক সকলে শিশুটোৰ সংকটজনক অৱস্থালৈ চাই কোনো দ্বিধা নকৰাকৈ তাইৰ দেউতাকক আশ্বাস দিয়ে যে, তেওঁ যি ধন আগবঢ়াব পাৰিব, সেইখিনিৰেই চিকিৎসালয়খনে শিশুটিৰ চিকিৎসা কৰিব।

অনমিকাক শীঘ্ৰে ভৰ্তি কৰোৱা হয় আৰু চিকিৎসাকৰ্মী সকলৰ নিৰন্তৰ তত্বাৱধানত ২৪ ঘণ্টাই চিকিৎসা আৰম্ভ কৰা হয়। চিকিৎসালয়ত ভৰ্তি হোৱাৰ ৫৬ ঘণ্টা পিছত, তাইক মৃত্যুৰ কবলৰ পৰা উলিয়াই অনা হয় আৰু চিকিৎসালয়ৰ পৰা প্ৰদান কৰা অব্যাহতি নথিত তাইৰ অৱস্থা স্থিৰ বুলি জনোৱা হয়। বিএভিপিৰ দ্বাৰা পৰিচালিত স্বৰ্গদেউ চ্যু-কা-ফা প্ৰকল্পৰ অধ্যক্ষ ডাঃ অনন্ত পান্ধৰে কয়,”চিকিৎসালয়ত ভৰ্তি কৰোৱা সময়ত শিশুটিৰ অৱস্থা সংকটজনক আছিল। যিহেতু এনে জটিল ঘটনাবোৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আমাৰ দক্ষতা আৰু অভিজ্ঞতা আছে”।

স্বৰ্গদেউ চ্যু-কা-ফা প্ৰকল্পৰ অধ্যক্ষ ডাঃ অনন্ত পান্ধৰে লগতে কয় যে আমি সময়মতে চিকিৎসাৰ প্ৰক্ৰিয়া মূল্যাঙ্কন আৰু সিদ্ধান্ত ল’বলৈ সক্ষম হৈছিলোঁ। ৰোগীক পৰ্যৱেক্ষণত ৰখা হৈছিল আৰু দলটোৱে তাইক মাল্টিপেৰা আৰু এছপিও ২ মনিটৰেৰে নিৰীক্ষণ কৰিছিল। আমাৰ চিকিৎসা দলৰ সামূহিক প্ৰচেষ্টাই শিশুটোৰ জীৱন ৰক্ষা কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলিও কয় স্বৰ্গদেউ চ্যু-কা-ফা প্ৰকল্পৰ অধ্যক্ষ ডাঃ অনন্ত পান্ধৰে।