মানকাচৰ : মানকাচৰৰ কুকুৰমাৰাত ড্ৰাগছ ব্যৱসায়ীৰ তাণ্ডৱ। ড্ৰাগছ ব্যৱসায়ীৰ আক্ৰমণত চি আৰ পি এফ জোৱানসহ আহত ৬ জনকলৈ লোক। সমবায় সমিতিৰ সভাপতিৰ ঘৰত ড্ৰাগছ ব্যৱসায়ীৰ আক্ৰমণ। এজন আক্ৰমণকাৰীক আটক।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ অন্তৰ্গত কুকুৰমাৰাত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। কুকুৰমাৰাত সমবায় সমিতিৰ সভাপতিৰ ঘৰত ড্ৰাগছ ব্যৱসায়ীৰ এটা দলে আক্ৰমণ চলাই কেইবাজনো লোকক আহত কৰে। ড্ৰাগছ ব্যৱসায়ত বাধা দিয়াৰ বাবেই আক্ৰমণ চলায়।

জানিব পৰা মতে প্ৰায় ২০-২৫ জনীয়া দল এটাই হাতে হাতে দা, লাঠী লৈ সমবায় সমিতিৰ সভাপতি আব্দুছ ছবুৰ শেখৰ ঘৰত আক্ৰমণ কৰে। আক্ৰমণত সমবায় সভাপতিৰ সভাপতি আব্দুছ ছবুৰ শেখৰ লগতে এজন চি আৰ পি এফ জোৱানসহ মুঠ ৬ জনকৈ লোক গুৰুত্বৰভাৱে আহত হয়।

আহত লোক কেইজন ক্ৰমে কুকুৰমাৰা সমবায় সমিতিৰ সভাপতি আব্দুছ ছবুৰ শেখ, ছুটীলৈ ঘৰত অহা চি আৰ পি এফ জোৱান আব্দুছ ছালাম শেখ, আব্দুছ ছামাদ শেখ, ছাইফুল সৰকাৰ, ইফতিকাৰ হুছেইন চৌধুৰী আৰু ছাকীল চৌধুৰী।আক্ৰমনকাৰী দলৰ নেতৃত্বত আছিল গাঁওখনৰে আমিৰ হুছেইন, নুৰ হুছেইন আৰু আজাদ হুছেইন।

আক্ৰমণকাৰী দলটোৱে দীৰ্ঘ দিনৰ পৰা গাঁওখনত নিজৰ ঘৰতে মদ, ভাং, নিচাযুক্ত সামগ্ৰী বিক্ৰী কৰি ৰমৰমীয়া ব্যৱসায় চলাই আহিছে বুলি অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে সমবায় সমিতিৰ সভাপতিজনে দুদিন পূৰ্বে ড্ৰাগছ ব্যৱসায়ীৰ দলটোক মদ আৰু ড্ৰাগছ বিক্ৰীত বাধা দিছিল। গাঁৱৰ পৰিৱেশ বিনিষ্ট নকৰাৰ বাবে সভাপতিজনে বাধা দিছিল।

ড্ৰাগছ আৰু মদৰ ব্যৱসায়ত বাধা দিয়াৰ বাবে বৃহস্পতিবাৰে নিশাৰ ভাগত সমবায় সমিতিৰ সভাপতিজনৰ ঘৰত ড্ৰাগছ ব্যৱসায়ীৰ দলটো প্ৰৱেশ কৰি আক্ৰমণ কৰে। গাঁওখনৰ সচেতন লোকৰ তৎপৰতাত আক্ৰমণকাৰী দলটোৰ পৰা প্ৰাণ ৰক্ষা সমবায় সমিতিৰ সভাপতিজনৰ ঘৰত উপস্থিত থকা লোক সকলৰ।গাঁওবাসী ঘটনাস্থলীত উপস্থিত হোৱাত আক্ৰমণকাৰী দলটো পলায়ন কৰে।