জুৰীয়া : পানী যোগান আঁচনিৰ টেংকীত উদ্ধাৰ শিশুৰ মৃতদেহ। নিৰ্মাণ কাৰ্য চলি থকা টেংকীত শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সৃষ্টি হয় উত্তেজনাৰ। টেংকী নিৰ্মাণ কাৰ্যত জড়িত শ্ৰমিকক আৱদ্ধ স্থানীয় ৰাইজৰ। আৰক্ষীৰ উপস্থিত যদিও পৰিস্থিতি উত্তপ্ত হৈ আছে।

মঙলবাৰে নগাঁও জিলাৰ জুৰীয়াৰ ২ নং বৰালীমাৰী গাঁৱত
এটি শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। সোমবাৰৰ পৰা সন্ধানহীন হৈ থকা মজিবুৰ ৰহমান নামৰ দহ বছৰীয়া শিশুটিৰ মৃতদেহ পুৱাৰ ভাগত উদ্ধাৰ হোৱাৰ পিছৰে পৰা ২ নং বৰালীমাৰী গাঁৱত বিৰাজ কৰিছে তীব্ৰ উত্তেজনাৰ।

পুৱাৰ ভাগত দহ বছৰীয়া মজিবুৰ ৰহমান নামৰ শিশুটিৰ মৃতদহে পানী যোগান আঁচনিৰ টেংকীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয়। নিৰ্মাণ কাৰ্য চলি থকা পানী যোগান আচঁনিত টেংকীত শিশুটিৰ মৃতদহে উদ্ধাৰ হোৱাত স্থানীয় একাংশ লোকে শিশুটিত হত্যা কৰি পানীৰ টেংকীত পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰে।

নিৰ্মাণ কাৰ্য চলি থকা পানী যোগান আঁচনিৰ টেংকীত শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে একাংশ লোকে শিশুটিৰ মুখত ব্লেক টেপ মৰা আছিল বুলি দাবী কৰাত ৰাইজ উত্তেজিত হৈ টেংকী নিৰ্মাণ কাৰ্যত জড়িত শ্ৰমিক সকলক আৱদ্ধ কৰি ৰাখে। শিশুটিক কোনো লোকে হত্যা কৰি পেলাই দিয়াৰ অভিযোগ উত্থাপন কৰি ৰাইজে পৰিস্থিতি উত্তপ্ত কৰি তোলে।

উত্তপ্ত পৰিস্থিতিৰ মাজতে জুৰীয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাই পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আনে যদিও ভিতৰি ভিতৰি এতিয়াও পৰিস্থিতি উত্তপ্ত হৈ আছে। স্থানীয় ৰাইজে শিশুটিৰ মৃত্যুৰ উচিত তদন্তৰ দাবী জনায়। ইফালে আৰক্ষীয়ে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে।