মানকাচৰ : মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ পূৱেৰ গাঁৱত ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন ড্ৰাগছ সৰবৰাহকাৰী। সোমবাৰে পুৱতি নিশা আৰক্ষী আৰু বিএছএফে ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ ড্ৰাগছ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰে।

ৰাজ্যজুৰি অব্যাহত অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ড্ৰাগছমুক্ত অসমৰ লক্ষ্য আগত ৰাখি অসম আৰক্ষীয়ে ৰাজ্যৰ চুকে কোনে চলাই গৈছে ড্ৰাগছ বিৰোধী অভিযান। প্ৰতিদিনে অসম আৰক্ষীৰ জালত পৰিছে ইজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰী। জব্দ হৈছে বিভিন্ন প্ৰকাৰৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ।

দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষীয়ে বিগত সময়ছোৱাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কেইবাটাও গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰিছে। সোমবাৰে পুনৰবাৰ জিলাখনৰ আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰে। মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত ২ নং পূৱেৰ গাঁৱত পুৱতি নিশা এজন ড্ৰাগছ সৰবৰাহকাৰীক ড্ৰাগছসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতাই চন্দ্ৰ ৰায়ৰ নেতৃত্বত আৰক্ষী এটা দলে চিআৰপিএফৰ সহযোগত এক যৌথ অভিযান চলাই ২ নং পূৱেৰ গাঁৱৰ প্ৰয়াত আব্দুল বাতেনৰ পুত্ৰ জিয়াদুৰ ইছলামক ২৪৪৮ টা ডব্লিউ ওৱাই য়াবা নামৰ নিচাজাতীয় টেবলেটসহ গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জিয়াদুৰ ইছলামক আদালতত হাজিৰ কৰাত আদালতে জিয়াদুৰ ইছলামক ধুবুৰী জেললৈ প্ৰেৰণ কৰে।