গুৱাহাটী : সোমবাৰৰ পৰা আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান। সম্পূৰ্ণ ক’ভিড বিধি মানি সোমবাৰৰ পৰা আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান। কমেও এপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰা শিক্ষক আৰু কৰ্মচাৰী সকলক বিদ্যালয়লৈ অহাৰ অনুমতি।

ক’ভিডৰ দ্বিতীয়টো ঢৌৱে সংহাৰীৰূপ ধাৰণ কৰাৰ পিছৰে পৰা বন্ধ হৈ থকা বিদ্যালয় সমূহত পাঠদান আৰম্ভ হৈছে সোমবাৰৰ পৰা। ৰাজ্য চৰকাৰৰ ক’ভিড সম্পৰ্কীয় নতুন নিৰ্দেশনা অনুসৰি সোমবাৰৰ পৰা বিদ্যালয় সমূহত দশম শ্ৰেণীৰ পাঠদান আৰম্ভ কৰা হৈছে।

দশম শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ পূৰ্বে বিদ্যালয় সমূহ ছেনিটাইজ কৰা হৈছে। ইফালে দশম শ্ৰেণীৰ পাঠদান আৰম্ভ হৈছে যদিও কমেও এপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰা শিক্ষক আৰু কৰ্মচাৰী সকলহে বিদ্যালয়লৈ আহিব পাৰিব।

অৱশ্যে সম্পূৰ্ণ ক’ভিড বিধি মানিহে দশম শ্ৰেণীৰ পাঠদান আৰম্ভ কৰা হৈছে। শ্ৰেণীকোঠাত মাত্ৰ ৩০ জনকৈ শিক্ষাৰ্থীহে পাঠদান গ্ৰহণ কৰিব পাৰিব। পাঁচ মাহ ধৰি বিদ্যালয় সমূহ বন্ধ হৈ থকাৰ ফলত দীর্ঘদিন ধৰি শিক্ষাৰ্থী সকল অনলাইন ক্লাছযোগে শিক্ষা গ্ৰহণ কৰি আছিল।

অনলাইন ক্লাছযোগে শিক্ষা লাভ কৰিলেও ক’ভিডৰ ফলত বিদ্যালয় সমূহ বন্ধ হৈ থকাৰ ফলত শিক্ষাৰ্থী সকলৰ ব্যাপক ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে। পুনৰ পাঠদান আৰম্ভ হোৱাত শিক্ষাৰ্থী সকলৰ লগতে শিক্ষাক-শিক্ষয়িত্ৰীসকল আনন্দিত হৈ পৰা দেখিবলৈ পোৱা যায়