জোনমণি বেগম
বিশ্বনাথৰ : ৰাজ্যৰ ছয়খন সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। ইতিমধ্যে উপ-নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দলে কঁকালত টঙালি বান্ধিছে। শাসকীয় বিজেপি দলে উপ-নিৰ্বাচনত ছায়খন আসনতে জয়লাভ কৰাটো নিশ্চিত বুলি মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভাৱেশ কলিতাই। সকলো ৰাজনৈতিক দলকে উপ-নিৰ্বাচনত প্ৰাৰ্থী নিক্ষেপ কৰিবলৈও আহ্বান জনাইছে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে।

কিছুদিন পূৰ্বে সাংসদ অজিত কুমাৰ ভূঞাই বিজেপিত যোগদান কৰিলে সাত খুন মাফ বুলি কৰা মন্তব্যৰ সন্দৰ্ভত বিশ্বনাথত ৰাজ্যিক বিজেপি সভাপতি গৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মাফৰ কথা নাহে, যদি সাংসদ অজিত কুমাৰ ভূঞাই দৃষ্টান্তমূলক শাস্তি দেখুয়াই দিব পাৰে তেন্তে আমি শাস্তি দিবলৈ প্ৰস্তুত। কিন্তু অজিত কুমাৰ ভূঞাই কি কব বিচাৰিছে তেওঁ নিজে জানে। তেওঁৰ দলত কেইজনে যোগদান কৰিছে প্ৰথমে তেওঁক সুধক, তাৰ পিছত আমাক আঙুলি টোৱাওক বুলিও কয় ৰাজ্যিক বিজেপিৰ সভাপতি ভাৱেশ কলিতাই।

আনহাতে ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া ছয়খন সমষ্টিৰ উপ-নিৰ্বাচনত ছয়খন আসনতে সকলো ৰাজনৈতিক দলকে নিজৰ প্ৰাৰ্থী প্ৰদান কৰিবলৈ আহ্বান জনায় ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে। উপ-নিৰ্বাচনত ছয়খন আসনতে বিজেপিৰ প্ৰাৰ্থী বিপুল ভোটৰ ব্যবধানত জয় হোৱাতো নিশ্চিত বুলিও তেওঁ মন্তব্য প্ৰদান কৰে।বিশ্বনাথ অসামৰিক চিকিৎসালয়ত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি গৰাকীয়ে সেৱা আৰু সম্পৰ্ক অভিযানৰ অন্তৰ্গত কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিশ্বনাথ অসামৰিক চিকিৎসালয়ত ৰোগী সকলৰ মাজত ফল-মূল বিতৰণৰ কাৰ্যসূচীত অংশ গ্ৰহন কৰিবলৈ আহি এইদৰে মন্তব্য প্ৰদান কৰে।

উক্ত কাৰ্যসূচীত বিশ্বনাথ জিলা বিজেপি, জিলা যুৱ মৰ্চা, অনুসূচীত জাতি-অনুসূচীত জনজাতি-অনান্য পিচপৰা-শ্ৰেণী, চাহ-জনগোষ্ঠী আৰু মহিলা মৰ্চাই বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে বিশ্বনাথ অসামৰিক চিকিৎসালয়ত নিজ হাতেৰে ৰোগী সকলৰ মাজত ফল মূল বিতৰণ কৰে।