মামুন আলী

কোকৰাঝাৰ : ধুবুৰীৰ ছাতাগুৰীত ভয়াবহ পথ দুর্ঘটনা। বগৰীবাৰীৰ আৰক্ষীৰ গাড়ী আৰু ব্ৰইলাৰ ভৰ্তি বলেৰ পিক আপ ভেনৰ মাজত সংঘৰ্ষ। দুই বাহনৰ সংঘৰ্ষৰ ফলত বগৰীবাৰীৰ আৰক্ষীৰ গাড়ী চালক থিতাতে নিহত।

কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ আৰক্ষীৰ অন্তৰ্গত ছাতাগুৰীত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়াবহ পথ দুর্ঘটনা সংঘটিত হৈছে। বগৰীবাৰীৰ আৰক্ষী চকীৰ বাহন আৰু এখন ব্ৰইলাৰ ভৰ্তি বলেৰ পিক আপ ভেনৰ মাজত হোৱা সংঘৰ্ষত আৰক্ষীৰ বাহনৰ চালক থিতাতে নিহত হৈছে।

এই ভয়াবহ পথ দুর্ঘটনাত অন্য তিনিজনকৈ আৰক্ষীৰ লোক গুৰুত্বৰভাৱে আহত হৈছে। আহত আৰক্ষীৰ লোক সকলক উদ্ধাৰ কৰি ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে৷ অহাৰ আৰক্ষীৰ লোক তিনাজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷

শনিবাৰে নিশাৰ ভাগত নিয়ন্ত্রণ হেৰুৱাই আৰক্ষীৰ বাহনখনে ডব্লিউ বি-৬৩-এ-৯৯১২ নম্বৰৰ ব্ৰইলাৰ ভৰ্তি বাহনখনত খুন্দা মৰাৰ ফলত এই পথ দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। মৃত আৰক্ষীৰ বাহন চালকৰ নাম বিজু বৰ্মন।কোকৰাঝাৰ জিলাৰ বগৰীবাৰীত বিজু বৰ্মনৰ ঘৰ বুলি জানিব পৰা গৈছে।

ইফালে নিশা ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা বগৰীবাৰী আৰক্ষী থানাৰ আহত তিনি আৰক্ষীক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰেৰণ কৰা বুলিও জানিব পৰা গৈছে। দুর্ঘটনাত আহত হোৱা তিনি আৰক্ষী ক্ৰমে গৌৰাংগ ঘোষ, বিকাশ, হাছান তানিউজ্জামান বুলি জানিব পৰা গৈছে।