নিউজ ডেস্ক, ৭ মে, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৰোড অভাৰ ব্ৰীজ (ROB) নিৰ্মাণৰ জৰিয়তে ইয়াৰ সমগ্ৰ সংমণ্ডলত সুৰক্ষা আৰু সংযোগ বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি অব্যাহত ৰাখিছে। এই স্থায়ী প্ৰচেষ্টাৰ অংশ হিচাপে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ মণ্ডলসমূহত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সময়ছোৱাত ১১ খন ৰোড অভাৰ ব্ৰীজ (আৰঅ’বি) নিৰ্মাণৰ কাম সফলতাৰে সম্পূৰ্ণ কৰিছে, যিয়ে লেভেল ক্ৰছিং গেট (এলচি গেট) সমূহক আধুনিক, অভিন্ন গ্ৰেড সম্পন্ন গঠনেৰে প্ৰতিস্থাপন কৰাৰ দিশত নিজৰ প্ৰতিশ্ৰুতিক শক্তিশালী কৰি তুলিছে।
এই ৰোড অভাৰ ব্ৰীজসমূহে কেৱল লেভেল ক্ৰছিঙত দুৰ্ঘটনাৰ সম্ভাৱনা দূৰ কৰাই নহয়, যান-জঁটৰ সমস্যাও যথেষ্ট হ্ৰাস কৰে, ৰে’লৰ সময়োপযোগীতা উন্নত কৰে আৰু পথ ব্যৱহাৰকাৰীসকলৰ বাবে দুৰ্ঘটনাবিহীন যাতায়তৰ সুবিধা প্ৰদান কৰে। আন্তঃগাঁথনি আধুনিকীকৰণৰ গতি লাভ কৰাৰ লগে লগে এনে প্ৰকল্পসমূহে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত পৰিবহণ নেটৱৰ্ক ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই অগ্ৰগতিৰ এক উজ্জ্বল উদাহৰণ হ’ল অসমৰ ডিব্ৰুগড়ত শেহতীয়াকৈ সম্পূৰ্ণ হোৱা মানকটা ৰোড অভাৰ ব্ৰীজ।
থানা চাৰিআলিৰ পৰা চৌকিদিঙিলৈ সংযোগ কৰা এটা জটিল আৰু ব্যস্ত জংচনত অৱস্থিত, এই নতুন ৰোড অভাৰ ব্ৰীজ ১৯৬৫ চনতে নিৰ্মিত এটা পুৰণি ব্ৰীজখনৰ পৰিৱৰ্তে নিৰ্মাণ কৰা হৈছে, যাৰ উদ্দেশ্য হৈছে নগৰ যানবাহনৰ বৰ্দ্ধিত যাতায়ত নিয়ন্ত্ৰণ কৰাৰ বাবে আৰু ভাৰতীয় ৰে’লৱেৰ বৈদ্যুতিকৰণৰ পদক্ষেপক সহজ কৰি তুলিছে।৬.৫৫ মিটাৰ উলম্ব ক্লিয়াৰেন্সৰ সৈতে ডিজাইন কৰা এই দলংখনে বিদ্যুৎচালিত ৰে’লৰ নিৰাপদ গতি নিশ্চিত কৰাৰ লগতে ওপৰত যান-বাহনৰ চলাচলৰ গতি সুগম কৰিছে। ৪৫০ মিটাৰ দৈৰ্ঘ্যত পাঁচটা ৩০ মিটাৰ কম্পোজিট গাৰ্ডাৰসহ দুয়োফালে ১৫০ মিটাৰ দৈৰ্ঘ্যৰ এপ্ৰ’চ ৰোড আছে।
৭.৫ মিটাৰ বহল ডাবল লেন কেৰেজৱেৰ সৈতে দুয়োফালে ১.৫ মিটাৰ ফুটপাথ আছে, যাৰ দ্বাৰা পথচাৰীৰ সুৰক্ষা নিশ্চিত কৰা হৈছে। ৬০.১৩ কোটি টকাৰ এই প্ৰকল্পটো ইৰকন ইণ্টাৰনেচনেল লিমিটেডৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে আৰু সম্পূৰ্ণৰূপে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ পুঁজিৰে সম্পন্ন কৰা হৈছে। ৩২ মিটাৰ দৈৰ্ঘ্যৰ গভীৰতালৈ ১.২ মিটাৰ ব্যাসৰ পাইল নিৰ্মাণ কৰা হৈছে। ওখ পেৰাপেট দেৱাল আৰু নিৰ্দিষ্ট ষ্ট্ৰীট লাইটিঙৰ দৰে উন্নত বৈশিষ্ট্যৰ সৈতে দলংখনে সকলো ঋতুতে সুৰক্ষা আৰু কাৰ্য্যক্ষমতা প্ৰদান কৰে।
মানকটা আৰঅ’বি কেৱল এক আন্তঃগাঁথনি উন্নীতকৰণেই নহয়, ই ডিব্ৰুগড় টাউন ষ্টেচনত বৈদ্যুতিক ট্ৰেকচনৰ এক গুৰুত্বপূৰ্ণ সহায়ক আৰু আগন্তুক চিন্তাধাৰাৰ নগৰ পৰিকল্পনাৰ এক প্ৰতীক। যিহেতু উত্তৰ-পূব সীমান্ত ৰে’লৱে পুৰণি লেভেল ক্ৰছিংসমূহক সলনি কৰি দীৰ্ঘম্যাদী আৰু কাৰ্যক্ষম আৰঅ’বি নিৰ্মাণ অব্যাহত ৰাখিছে, সেই অনুসৰি উত্তৰ-পূব সীমান্ত ৰেলৱেই উত্তৰ-পূবৰ বাবে এক সুৰক্ষিত, দ্ৰুত আৰু অধিক বহনক্ষম ভৱিষ্যতৰ ভেটি দৃঢ়ভাৱে স্থাপন কৰি আছে।