হাজো : ৰাজ্যৰ সংঘটিত হৈছে অন্য এক পঠাকাণ্ড। মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ পঠাৰ পিছত এইবাৰ কামৰূপ জিলাৰ হাজোত অন্য এক পঠা। ৬৫ বছৰীয়া এই পঠাই ধর্ষণ কৰিলে এগৰাকী ১২ বছৰীয়া কিশোৰীক। ঘটনাক কেন্দ্ৰ কৰি হাজোত তীব্ৰ চাঞ্চল্য। ধর্ষণকাৰী ৬৫ বছৰীয়া বৃদ্ধক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

কিছুদিন পূৰ্বে মৰিগাঁও জিলাৰ ভূৰাগাঁৱত সংঘটিত হোৱা এক ঘটনাই সমগ্ৰ ৰাজ্যৰ লগতে দেশ কঁপাই গৈছিল। ভূৰাগাঁৱত চৈয়দ আলী ওৰফে পঠা নামৰ এজন ৬৫ বছৰীয়া বৃদ্ধই এগৰাকী ৯ বছৰীয়া শিশুক ধর্ষণ কৰি হত্যা কৰিছিল। এই ঘটনাৰ পিছত অনুৰূপ ধৰণৰ এক ঘটনা সংঘটিত হৈছিল কোকৰাঝাৰ জিলাৰ ছালাকাটিত।

বৃদ্ধৰ হাতত কিশোৰী ধর্ষণৰ এটাৰ পিছত আনটো ঘটনাৰ মাজতে এইবাৰ কামৰূপ জিলাৰ হাজোত ৬৫ বছৰীয়া বৃদ্ধই এগৰাকী ১২ বছৰীয়া কিশোৰীক ধর্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। হাজোৰ কোঁৱৰপুৰ বালাত চাইফত আলী নামৰ এজন ৬৫ বছৰীয়া বৃদ্ধৰ বিৰুদ্ধে এগৰাকী ১২ বছৰীয়া কিশোৰীক ধর্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি চাইফত আলী নামৰ বৃদ্ধজনে কিশোৰী গৰাকীৰ ঘৰত উপস্থিত হৈ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি তামোল খোৱাৰ চলেৰে কিশোৰী গৰাকীক ঘৰত ভিতৰলৈ নি ধর্ষণ কৰে। কিশোৰী গৰাকীৰ মাতৃয়ে লম্পট চাইফত আলীক আটক কৰাৰ চেষ্টা চলাই যদিও চাইফত আলী পলায়ন কৰিবলৈ সক্ষম হয়।

ইয়াৰ পিছতে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে হাজো আৰক্ষী থানাত গোচৰ ৰুজু কৰাত আৰক্ষীয়ে অভিযান চলাই চাইফত আলীক গ্ৰেপ্তাৰ কৰে। হাজো আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত চাইফত আলীক জেৰা চলাই তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।