কোকৰাঝাৰ : আমাৰ এজন সদস্যক মাৰিলে আমি ২০ জনক মাৰিম বুলি হুংকাৰ দিয়া উগ্ৰপন্থী সংগঠনৰ দুজন সদস্য নিহত আৰক্ষীৰ গুলীত। ১৫ ছেপ্টেম্বৰত সংগঠনটোৰ জন্ম হোৱা বুলি সংবাদ মাধ্যমলৈ ভিডিঅ’ প্ৰেৰণ কৰি পৃথক বড়োভূমিৰ দাবী জনোৱা এই নৱগঠিত সংগঠনটোৱে বিটিআৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত অক্টোবৰ মাহত বোমা বিস্ফোৰণৰো হুংকাৰ দিছিল।

বড়োভূমিত নতুনকৈ আত্মপ্ৰকাশ কৰা উগ্ৰপন্থী সংগঠনৰ দুই সদস্য আৰক্ষীৰ গুলীত নিহত। ইউনাইটেড লিবাৰেশ্যন ফৰ বড়োলেণ্ডৰ চমুকৈ ইউ এল বিৰ দুজন সদস্য আৰক্ষীৰ গুলীত নিহত হৈছে। ইউ এল বিৰ সদস্য দুজনৰ পৰা দুটা পিষ্টল আৰু গ্ৰেণেড উদ্ধাৰ কৰিছে আৰক্ষীয়ে। শনিবাৰে পুৱতি নিশা আৰক্ষীৰ গুলীত সংগঠনটোৰ দুজন সদস্য নিহত হয়। সদস্য দুজনৰ নাম জনক কুমাৰ ব্ৰহ্ম আৰু জোৱাংছাৰ মোছাহাৰী।

এক গোপন খবৰৰ ভিত্তিত কোকৰাঝাৰ আৰক্ষীয়ে উগ্ৰপন্থী সংগঠনটোৰ বিৰুদ্ধে অভিযান চলাইছিল। কোকৰাঝাৰৰ উল্টাপানীত নৱগঠিত উগ্ৰপন্থী সংগঠন ইউ এল বিৰ সাতজনকৈ সদস্যই আশ্ৰয় লৈ থকাৰ এক গোপন খবৰ লাভ কৰিছিল আৰক্ষীয়ে। এই গোপন খবৰৰ ভিত্তিত পুৱতি নিশা আৰক্ষীয়ে উগ্ৰপন্থী সংগঠনটোৰ সদস্যৰ বিৰুদ্ধে অভিযান চলায়। অভিযানৰ সময়ত উগ্ৰপন্থী সংগঠনটোৰ সদস্যই আৰক্ষীৰ ওপৰত গুলী চালনা কৰে।

উগ্ৰপন্থী সংগঠন ইউ এল বিৰ সদস্যৰ গুলী চালনাৰ প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলী চালনা কৰাত আৰক্ষীৰ গুলীত সংগঠনটোৰ দুজন সদস্য নিহত হয়। বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে নিজৰ টুইটযোগে উগ্ৰপন্থী সংগঠন ইউ এল বিৰ দুজন সদস্য আৰক্ষীৰ গুলীত নিহত হোৱা বুলি প্ৰকাশ কৰিছে। নৱগঠিত উগ্ৰপন্থী সংগঠনটোৱে দুদিন পূৰ্বে পৃথক বড়োভূমিৰ দাবী উত্থাপন কৰি সংবাদ মাধ্যমলৈ এক বিডিঅ’ প্ৰেৰণ কৰিছিল।