গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ উদ্যোগত আৰু বিশ্ব বেংকৰ অর্থ সাহায্যৰে নিৰ্মাণ কৰা ৫ খন জাহাজ আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উচৰ্গা কৰে। গুৱাহাটীৰ লাচিত ঘাটত মুখ্যমন্ত্রীয়ে পতাকা জোকাৰি সেৱা আৰম্ভ কৰা এই জাহাজ কেইখনৰ এম ভি লুইত নামৰ জাহাজখন নিমাতীঘাট আৰু কমলাবাৰীৰ মাজত, এম ভি সােণাই নামৰ জাহাজখন গুৱাহাটী আৰু কুৰুৱাৰ মাজত আৰু গােৱালপৰীয়া লােকগীতৰ সম্রাজ্ঞী প্রতীমা বৰুৱা পাণ্ডেৰ নামত উৎসর্গিত এম ভি প্রতীমা নামৰ জাহাজখন ধুবুৰীৰ ফেৰী সেৱাত নিয়ােজিত হ’ব।

এই জাহাজ কেইখনৰ প্রত্যেকখনে এবাৰত ১০০ গৰাকী যাত্রী আৰু ৫০ খন মটৰ চাইকেল কঢ়িয়াই নিব পাৰে। আনহাতে, আন দুখন জাহাজ নিৰীক্ষণৰ কামত ব্যবহৃত হ’ব। এই জাহাজ দুখনে ৰাজ্য চৰকাৰে জলপৰিবহনৰ ক্ষেত্ৰত নতুনকৈ জাৰি কৰা আদর্শ পৰিচালনা বিধি (এছ অপি) পালন কৰা হৈছে নে নাই সেইটো নিৰীক্ষণ কৰিব। উল্লেখ্য যে ২০১৫ চনৰ আক্টোবৰত ৰাজ্যখনৰ আভ্যন্তৰীণ জলপৰিবহন ব্যৱস্থা সূচলতৰ কৰাৰ বাবে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ অর্থনৈতিক পৰিক্ৰমা বিভাগে অসম আভ্যন্তৰীণ জলপৰিবহন প্রকল্পত অনুমােদন জনাইছিল।

এই প্রকল্পৰ মূল লক্ষ্য হৈছে ৰাজ্যখনৰ যাত্রীবাহী ফেৰী সেৱাৰ উন্নীতকৰণ, আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ প্রাতিষ্ঠানিক সামর্থ বৃদ্ধি কৰা। এই প্রকল্পৰ অধীনত মহানগৰীৰ ঐতিহাসিক লাচিত ঘটত ৫ খন ফেৰী সেৱা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হৈছে। এই ফেৰী সেৱা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি মুখ্যমন্ত্রীয়ে কয় যে ইয়াৰে এখন জাহাজ আজিয়েই নিমাতীঘাট অভিমুখে যাত্রা আৰম্ভ কৰিব। আনহাতে, অতিৰিক্ত দুখন জাহাজ আজিৰ ভিতৰতে নিমাতীঘাট পােৱাৰ সম্ভাবনা আছে।

ইয়াৰ ফলত নিমাতীঘাট আৰু কমলাবাৰীৰ মাজত ইতিমধ্যে চলাচল কৰি থকা দুখন ৰাে-পেক্স জাহাজৰ সৈতে নতুনকৈ তিনিখন জাহাজৰ সেৱা সংযােজিত হ’ব আৰু যাত্রীসকলে ইমান দিনে যাতায়াতৰ ক্ষেত্ৰত সন্মুখীন হৈ অহা অসুবিধাসমূহ যথেষ্ট পৰিমাণে লাঘব হ’ব। জলপৰিবহন ব্যৱস্থাটো অধিক সুৰক্ষিত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে প্রায় ৯০ কোটি টকা ব্যয় সাপেক্ষে এখন অভিলাষী আঁচনি লােৱাৰ কথাও মুখ্যমন্ত্ৰীয়ে সদৰি কৰে। তেওঁ কয় যে এই আঁচনিৰ অধীনত ব্ৰহ্মপুত্ৰত চলাচল কৰা ৮৫৩ খন একক ইঞ্জিনযুক্ত ফেৰীত ৰাজ্য চৰকাৰে নিজা খৰচত মেৰিন ইঞ্জিন সংযুক্ত কৰাৰ বাবে পদক্ষেপ লৈছে।

তেওঁ কয় যে এনে ৭ টা মেৰিন ইঞ্জিন আগন্তুক সপ্তাহতে ধুবুৰীত চলাচল কৰা ফেৰীত সংযােজিত কৰা হ’ব। আনহাতে, মাজুলী আৰু নিমাতীঘাটৰ মাজত চলা ফেৰীৰ বাবেও এনে ইঞ্জিন ক্ৰয়ৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্রীয়ে লগতে সদৰি কৰে যে ৰাজ্য চৰকাৰে নিজস্ব পুঁজিৰে অতিৰিক্তভাৱে ৫ খন ৰাে-পেক্স ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে। মাজুলী, ধুবুৰী, উওৰ গুৱাহাটীকে ধৰি জাহাজঘাটসমূহত যাত্রীসকলৰ সুচল জলযাতায়াতৰ বাবে এই জাহাজসমূহ চলােৱা হ’ব। তেনেদৰে, যাত্রীৰ সুৰক্ষা অধিক সুনিশ্চিতকৰণৰ লক্ষ্যৰে নাৱিকসকলৰ প্রশিক্ষণ ব্যবস্থা, ফেৰী তথা জাহাজসমূহৰ ‘ফিটনেছ’ পৰীক্ষণৰ ব্যৱস্থাকে ধৰি বহু ব্যৱস্থা হাতত লােৱা হৈছে যাতে মানৱীয় কোনাে ভুল-ত্রুটিৰ সম্ভাবনা যিমানদূৰ সম্ভৱ দূৰ কৰিব পৰা যায়।

তেওঁ লগতে কয় যে বিগত এসপ্তাহত আভ্যন্তৰীণ জলপৰিবহন বিভাগে দ্রুততাৰে যিবােৰ পদক্ষেপ গ্রহণ কৰিছে ইয়াৰ ফলত জনসাধাৰণে উন্নত আৰু সুৰক্ষিত সেরা লাভ কৰিবলৈ সক্ষম হ’ব। এই ফেৰী সেৱা শুভাৰম্ভ কৰাৰ পূর্বে লাচিত ঘাটত বিভাগে আয়ােজন কৰা বিশ্বকর্মা পূজাত অংশগ্রহণ কৰি মুখ্যমন্ত্রীয়ে ধূপ-চাকি জুলাই সেৱা আগবঢ়ায়। অনুষ্ঠানত পৰিবহন বিভাগৰ প্ৰধান সচিব কে কে দ্বিবেদী, আয়ুক্ত আদিল খানকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।