যোৰহাট : আপোনাৰ অঞ্চলত কোনো বেচৰকাৰী সন্থাই সেৱা আগবঢ়াবলৈ আগবাঢ়ি আহিছে নেকি? যদি আহিছে তেনেহ’লে সাৱধান! ভালদৰে নীৰিক্ষণ কৰাৰ পিছতহে সেৱা গ্ৰহণ কৰিব বেচৰকাৰী সংস্থাৰ। কাৰণ যোৰহাটত একেলগে ১৩১ টা পৰিয়াল বলি হৈছে প্ৰবঞ্চনাৰ।

বেচৰকাৰী সন্থাৰ সেৱা গ্ৰহণ কৰি যোৰহাট জিলাৰ মুৰমুৰীয়া চাহ বাগিচাৰ ১৩১ টা পৰিয়ালৰ দৰে যাতে আপোনাৰ অৱস্থা নহয় ইয়াৰ বাবে ভালদৰে নীৰিক্ষণ কৰিহে বেচৰকাৰী সন্থাৰ সেৱা গ্ৰহণ কৰিব। প্ৰায় ৬ মাহ মান পূৰ্বে মুৰমুৰীয়া চাহ বাগিচাৰ ২৮ নং লাইনলৈ নয়ন বৰদলৈ নামৰ এজন ব্যক্তিয়ে ‘ভোগদৈ ইণ্টাৰনেশ্যনল প্ৰাইভেট লিমিটেড’ নামৰ এটা বেচৰকাৰী সন্থা।

এই বেচৰকাৰী সন্থাৰ লক্ষ্য আছিল চাহ বাগিচাখনৰ সহজ সৰল লোক সকলক আধাৰ কাৰ্ড, পেন কাৰ্ড বনাই দিয়াত সহায় কৰা। আধাৰ কাৰ্ড, কাৰ্ড পেন কাৰ্ড বনাই দিয়াত সহায় কৰাৰ লগতে বেচৰকাৰী সন্থাটোলৈ বিভিন্ন সময়ত আহে কেইবাটাও আঁচনি। এই আঁচনি সমূহৰ ভিতৰত আছিল নিবনুৱা সকলক প্ৰতি মাহে ৩০০০ দিয়া, যুৱতী সকলক নাৰ্চিংৰ প্ৰশিক্ষণ দিয়া ইত্যাদি ইত্যাদি।

এই আঁচনি সমূহৰ সুবিধা লাভ কৰিবলৈ ৰাইজক বেংক একাউন্টৰ প্ৰয়োজন হ’ব সেইহে বাগিচাখনৰ ১৩১ জন লোকৰ নামত খুলি দিয়া হৈছিল বেংক একাউন্ট। কিন্তু কেইদিন মানৰ পিছতহে এই ১৩১ জন লোকৰ চকু কঁপালত উঠিল। কিয়নো বেংকৰ লোক আহি উপস্থিত হ’লহি এই সকল লোকৰ ঘৰত।

আচলতে নয়ন বৰদলৈ নামৰ লোকজনে অতি কৌশলৰে বেংকৰ একাউন্ট খুলি এই সকল লোকৰ নামত ল’লে হাজাৰ হাজাৰ টকাৰ ঋণত সা-সামগ্রী। কাৰোবাৰ নামত যদি এচি লৈছে, কাৰোবাৰ নামত আকৌ ল’লে ফ্ৰীজ। এতিয়া এই ঋণৰ বোজা লৈ হাহাকাৰ অৱস্থা হৈছে বাগিচাজনৰ ১৩১ জন লোকৰ। কেৱল মুৰমুৰীয়াতে নহয়, মৰিয়নি আৰু টিয়কৰ দুখন চাহ বাগিচাটো অনুৰূপ ধৰণে প্ৰবঞ্চনাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে নয়ন বৰদলৈৰ বিৰুদ্ধে।

চিনামৰা থানাৰ লগতে লাহদৈগড় আৰু দেবেৰাপাৰা আৰক্ষী চকীত গোচৰ ৰুজু কৰা হৈছে নয়ন বৰদলৈৰ বিৰুদ্ধে। ইতিমধ্যে আটচাই সমগ্ৰ ঘটনাটোত প্ৰবঞ্চনাৰ বলি হোৱা লোক সকলক সহায় কৰিবৰ বাবে আগবাঢ়ি আহিছে। প্ৰবঞ্চনাৰ বলি হোৱা লোক সকলৰ লগতে আটচাই বেচৰকাৰী সন্থাৰ নামত এইদৰে প্ৰবঞ্চনাৰ জাল পেলাই সহজ সৰল লোকক প্ৰবঞ্চনা কৰা নয়ন বৰদলৈৰ বিৰুদ্ধে আৰক্ষীক উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে।