ৰূপহীহাট : ভূমি কেন্দ্ৰিক সংঘাতৰ ফলত আহত চাৰিজন লোক। ৰূপহীহাটৰ গড়াজানৰ ফুটালজাৰত ভূমি কেন্দ্ৰিক সংঘাত। এডৰা ভূমিকলৈ দুই পৰিয়ালৰ মাজত দীর্ঘদিন ধৰি চলি আছিল বিবাদ।

নগাঁও জিলাৰ ৰূপহীহাটৰ গড়াজানৰ ফুটালজাৰত এডৰা ভূমিকলৈ দুই পৰিয়ালৰ মাজত প্ৰচণ্ড মাৰপিতৰ ঘটনা সংঘটিত হয়। এই মাৰপিতৰ ঘটনাত চাৰিজনকৈ লোক গুৰুত্বভাৱে আহত হৈছে।

জানিব পৰা মতে এডৰা ভূমিকলৈ গাওঁখনৰ আব্দুল ৰছিদ আৰু মাইনুল হকৰ পৰিয়ালৰ মাজত দীৰ্ঘদিন ধৰি বিবাদ চলি আছিল।
বৃহস্পতিবাৰে পুৱাৰ ভাগত বিবাদমান ভূমিৰ দখলক লৈ দুয়ো পৰিয়ালৰ মাজত সংঘাতৰ সৃষ্টি হয়।

পৰিয়াল দুটাৰ দুই ফৈদৰ মাজত হোৱা মাৰপিতৰ ঘটনাত চাৰিজন আহত হয়। আহত লোক কেইজন হৈছে আব্দুল ৰছিদ, আনোৱাৰ হুছেইন, ফইজুল হক আৰু মাইনুল হক। আহত সকলক শিঙিমাৰী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসা প্ৰদান কৰা হয়।