গুৱাহাটী : তালিবানে আফগানিস্তান দখল কৰাৰ পিছৰে পৰা সমগ্ৰ বিশ্বৰ চকু এতিয়া আফগানিস্তানৰ পৰিস্থিতিৰ ওপৰত। তালিবানৰ হাতত আফগানিস্তান যোৱাত আফগানিস্তানৰ পৰিস্থিতিৰ অৱনতি ঘটিছে। তালিবানৰ অত্যাচাৰী শাসনৰ ভয়ত দেশ এৰিছে বহু আফগান নাগৰিকে।

বিশেষকৈ তালিবানৰ শাসনত আফগান মহিলাই যমৰ যাতনা ভুগ কৰিব লাগিব। ইতিমধ্যে কিছু সাহসী আফগান মহিলাই তালিবানৰ বিৰুদ্ধে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰাও দেখিবলৈ পোৱা গৈছে। ইয়াৰ মাজতো একাংশই আফগানিস্তানত সন্ত্ৰাসবাদী সংগঠন তালিবানৰ শাসনক সমৰ্থন কৰিছে।

অসমতো একাংশ লোকে তালিবানৰ সমৰ্থন কৰা পৰিলক্ষিত হৈছে। সামাজিক মাধ্যমত মুকলিকৈ অসমৰ একাংশ লোকে তালিবানে আফগানিস্তান দখল কৰাক সমৰ্থন জনাই বিভিন্ন পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে। তালিবানক সমৰ্থন কৰা এনে ১৪ জনকৈ লোকক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

অসম আৰক্ষীয়ে তালিবানক সমৰ্থন কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা এই ১৪ জন লোকৰ ভিতৰত এজন চিকিৎসা বিজ্ঞানৰ ছাত্ৰও আছে। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ এই ছাত্ৰজন হাইলাকান্দি জিলাৰ বাসিন্দা। আৰক্ষীয়ে দুজন মৌলানাকো তালিবানক সমৰ্থন কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছে।

জানিব পৰা মতে বিদেশত থকা অনা তিনিজন লোকে তালিবানক সমৰ্থন কৰাৰ তথ্যও আৰক্ষীয়ে লাভ কৰিছে। আৰক্ষীয়ে তালিবানক সমৰ্থন জনোৱা এই ১৪ জন লোকক অসমৰ ১০ খন জিলাৰ পৰা গ্ৰেপ্তাৰ কৰিছে। দৰং, কামৰূপ গ্ৰাম্য, কাছাৰ, হাইলাকান্দি, গোৱালপাৰা, বৰপেটা, ধুবুৰী, হোজাই, দক্ষিণ শালমাৰা আৰু কৰিমগঞ্জ জিলাৰ পৰা ১৪ জনক গ্ৰেপ্তাৰ কৰিছে।