আজিজ আলী

মুকালমুৱা : মুকালমুৱাৰ বিদ্যালয়ত নিশা চোৰৰ চাফাই অভিযান। নিশা মুকালমুৱাৰ এখন বিদ্যালয়ত সোমাই চোৰে চলায় তাণ্ডৱ৷ পূৰ্বেও চোৰে চাফাই অভিযান চলোৱা বিদ্যালয়খনৰ পৰা লুটি নিয়ে বহু সামগ্ৰী।

ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে ৰাজ্যজুৰি নিশাৰ ভাগত বলবৎ হৈ আছে সান্ধ্য আইন। নিশা সান্ধ্য আইনৰ সময়ত ৰাইজ ঘৰৰ ভিতৰত আৱদ্ধ হৈ থকা সময়তে ওলাই আহে চোৰৰ দল। ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে ঘৰে ঘৰে মানুহ গতিকে চোৰৰ লক্ষ্য বিদ্যালয়।

নলবাৰী জিলাৰ মুকালমুৱাৰ আদাবাৰীস্থিত পূব বৰক্ষেত্ৰী আঞ্চলিক ছোৱালী হাইস্কুলত শুকুৰবাৰৰে নিশা সংঘটিত হৈছে চুৰিকাণ্ড। বিদ্যালয়খনৰ তলা ভাঙি চোৰে বিদ্যালয়খনৰ বহু সা-সামগ্ৰী লুটি নিয়ে। পূব বৰক্ষেত্ৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ বেল, ফেন, মটৰ আদি বহু সামগ্ৰী চোৰে লুটি নিয়ে।

উল্লেখ্য যে পূব বৰক্ষেত্ৰী আঞ্চলিক ছোৱালী হাইস্কুলত পূৰ্বও চোৰে বহুবাৰ চুৰিকাণ্ড সংঘটিত কৰিছিল।বিদ্যালয়খনৰ কতৃপক্ষ তথা শিক্ষকসকলে আৰক্ষীক বহু বৰ গোচৰ দিয়াৰ পিছতো আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণ সুফল নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে কতৃপক্ষ তথা শিক্ষকসকলে।