গোৱালপাৰা : এখন বাহনৰ বেক লাইটত টকা আনখন বাহনৰ তেলৰ টেংকীত নিচাজাতীয় টেবলেট। নিচাজাতীয় টেবলেট ক্ৰতা আৰু বিক্রেতাই বাহন সলনি কৰিবলৈ লওঁতেই আহি উপস্থিত হ’ল আৰক্ষী। পাঁচজনৰ ভিতৰত চাৰিজন পৰিল আৰক্ষীৰ জালত, এজন পলায়ন কৰিবলৈ সক্ষম। পলাতকজনৰ সন্ধানত আৰক্ষীৰ অভিযান আৰম্ভ।

ড্ৰাগছ ব্যৱসায়ীয়ে সলনি কৰিছে ড্ৰাগছ কিনা-বেচাৰ পদ্ধতি। এতিয়া এখন হাতেৰে টকা দিয়া আৰু আনখন হাতেৰে ড্ৰাগছ লোৱা, এইদৰে ড্ৰাগছ কিনা-বেচাৰ পৰিবৰ্তে এতিয়া এখন বাহনত টকা অনা আৰু ড্ৰাগছ ভৰ্তি আনখন বহন লৈ যোৱা, এই পদ্ধতি অৱলম্বন কৰিছে ড্ৰাগছ ব্যৱসায়ীয়ে।

এখন বাহনৰ বেক লাইটক টকা ৰাখি, তেলত টেংকীত নিচাজাতীয় টেবলেট থকা আনখন বাহন ল’বলৈ আহি আৰক্ষীৰ জালত পৰিল চাৰিজনকৈ ড্ৰাগছ ব্যৱসায়ী। এগৰাকী মহিলাসহ তিনি ড্ৰাগছ ব্যৱসায়ী মণিপুৰৰ পৰা আহিছিল মেঘালয়ৰ ফুলবাৰীৰ দুজনক ড্ৰাগছ বিক্ৰী কৰিবলৈ।

গোৱালপাৰা জিলাৰ দুধনৈত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মণিপুৰৰ ড্ৰাগছ ব্যৱসায়ী তিনিজনে নিচাজাতীয় টেবলেটলৈ অহা মণিপুৰৰ বাহনখন দিন মেঘালয়ৰ ফুলবাৰীৰ ড্ৰাগছ ক্রতা দুজনৰ বেক লাইটত থকা থকা বাহন নিয়াৰ সময়তে আৰক্ষী উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে মণিপুৰৰ মহিলাসহ চাৰিজনক।

ইয়াৰে এজন অৱশ্যে পলায়ন কৰিবলৈ সক্ষম হয়। গোৱালপাৰাৰ জিলাৰ আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত দুধনৈ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই এই সাফল্য লাভ কৰে। আৰক্ষীয়ে এখন বাহনৰ বেক লাইটৰ পৰা ২১ লাখ ৫০ হাজাৰ টকা জব্দ কৰে।

আনহাতে মণিপুৰৰ পঞ্জীয়ন নম্বৰৰ থকা ৰঙা বলেৰো বাহনেৰ তেলৰ টেংকীৰ পৰা আৰক্ষীয়ে নিচাজাতীয় টেবলেটখিনি জব্দ কৰে। জব্দকৃত নিচাজাতীয় টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ৫০ হাজাৰ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ আৰক্ষীয়ে পলাতক লোকজনৰ সন্ধানৰ লগতে অধিক তথ্যৰ বাবে গ্ৰেপ্তাৰ কৰা চাৰিওজনক জেৰা অব্যাহত ৰাখিছে।