টিংখাং, ২৯ জুলাইঃ বানপানীৰ পিছত এইবাৰ গৰাখহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰিছে৷ ডিব্ৰুগড়ৰ টিংখাং সমষ্টিৰ পিঠাগুটি গাওঁ পঞ্চায়তৰ অন্তৰ্গত লংবৈজান নদীয়ে যোৱা পাঁচ বছৰে তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে লংবৈজান মজলীয়া বিদ্যালয়লৈ৷ নদীখনে ক্ৰমান্বয়ে খহাই নিছে বিদ্যালয়ৰ ভূমি৷ যিকোনো মুহূৰ্ততে বিদ্যালয়ৰ গৃহটো লংবৈজান নদীৰ ভংয়কৰ খহনীয়াত জাহ যাব পাৰে৷ বৰ্তমান প্ৰায় ছয়শতাধিক শিক্ষাৰ্থীয়ে অধ্যয়ন কৰা বিদ্যালয়ৰ চৌহদৰ বেৰা আৰু পেচাৱ গৃহ জাহ যোৱাৰ উপক্ৰম হৈছে৷ কিন্তু উন্নয়ন ঢাক ঢোল বজাই থকা বিজেপি মিত্ৰজোঁটৰ চৰকাৰ তথা স্থানীয় বিধায়ক বিমল বড়াই বৰ্তমানলৈ বিদ্যালয়খন ৰক্ষা কৰিবলৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। কংগ্ৰেছ চৰকাৰৰ দিনত বালি বস্তা দি খহনীয়া ৰোধৰ চেষ্টা চলোৱা হৈছিল যদিও সেয়া ফুটুকা ফেনতহে পৰিণত হ’ল। স্থানীয় লোকে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে গৰাখহনীয়া ৰোধৰ ব্যৱস্থা কৰি বিদ্যালয়খন উদ্ধাৰৰ দাবী জনাইছে৷