কাজিৰঙা : ভাদ মহীয়া বানে ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে। ৰাজ্যৰ ২১ খনকৈ জিলা বানৰ কবলত, তিনি লক্ষাধিক লোক ককবকাইছে বাঢ়নী পানীৰ মাজত। নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ ভয়াবহ হৈ উঠিছে। ইতিমধ্যে বানৰ পানীত ঘৰ দুৱাৰ ডুব যোৱা বানাক্ৰান্ত ৰাইজে নিৰাপদ স্থানলৈ ঢাপলি মেলিছে। বহু বানাক্ৰান্ত লোকে আশ্ৰয় লৈছে পথৰ কাষত তথা ওখ ঠাইত।

ভাদ মহীয়া বানে মানুহৰ লগতে প্ৰভাৱিত কৰিছে বন্যপ্ৰাণী সমূহকো। ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত পবিতৰা অভয়াৰণ্য লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ অঞ্চল ডুব গৈছে বানৰ পানীত। বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি ক্ৰমাৎ অধিক জটিল হৈ পৰা পৰিলক্ষিত হৈছে। ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ যিমানেই বৃদ্ধি পাইছে সিমানেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ন ন অঞ্চল পানীত ডুব যাবলৈ ধৰিছে।

বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২২৩ টা বন শিবিৰৰ ভিতৰত ১৫৩ টা বন শিবিৰ বাঢ়নী পানীৰ তলত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ অঞ্চল বানৰ পানীত ডুব যোৱাত উদ্যানখনৰ বন্যপ্ৰাণী সমূহে উদ্যানখনৰ ভিতৰত নিৰ্মাণ কৰা ওখ ঠাই সমূহত আশ্ৰয় লৈছে। ইফালে বহু বন্যপ্ৰাণী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ কৰি কাৰ্বি পাহাৰত আশ্ৰয় লোৱাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা দেখিবলৈ পোৱা গৈছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি অধিক জটিল হোৱাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যানখনৰ কৰ্তৃপক্ষই অধিক তৎপৰ হৈ পৰিছে। নিৰাপদ স্থানৰ সন্ধনত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ কৰি কাৰ্বি পাহৰলৈ ঢাপলি মেলা বন্যপ্ৰাণী যাতে পথদুৰ্ঘটনাত পতিত হ’বলগীয়া নহয় ইয়াৰ বাবে ২৪ ঘণ্টাই উদ্যানখনৰ বনকর্মী ঘাইপথৰ ওপৰত নিয়োজিত হৈ আছে। ইফালে ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা-যোৱা কৰা বাহন সমূহৰ গতি নিয়ন্ত্ৰণ কৰাৰ বাবে উদ্যান কৰ্তৃপক্ষই টাইম কাৰ্ডৰ প্ৰবৰ্তন কৰিছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সমূহৰ সুৰক্ষাৰ সমান্তৰালকৈ উদ্যান কৰ্তৃপক্ষই বিভাগীয় হাতী সমূহকো সুৰক্ষা প্ৰদানৰ বাবে তৎপৰ হৈ পৰিছে। ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ বিভিন্ন কেম্পত নিয়োজিত হৈ থকা বিভাগীয় হাতী সমূহ উদ্যানখনৰ ভিতৰৰ পৰা স্থানান্তৰ কৰি বাহিৰলৈ বাহিৰলৈ উলিয়াই অনা হৈছে। বিভাগীয় হাতী সমূহক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ কাৰ্বি পাহাৰৰ নামনিত আশ্ৰয় দিয়া হৈছে।

আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্ৰহ্মপুত্ৰ নদীৰ দাঁতি কাষৰীয়া বন শিবিৰ সমূহৰ এটাৰ পিছত আনটো বন শিবিৰৰ তলেদি পানী বাগৰিবলৈ আৰম্ভ কৰিছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত ৩৯ টা, বাগৰি বনাঞ্চলত ৩৩ টা, অগৰাতলি বনাঞ্চলত ৩২, বুঢ়াপাহাৰ বনাঞ্চলত ১১ টা আৰু উত্তৰ বনাঞ্চলত ১৩ টাকে ধৰি মুঠ ১৫৩ টা বনশিবিৰৰ তলেদি পানী বাগৰিছে৷