মানকাচৰ : ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে বন্ধ হৈ থকা শিক্ষানুষ্ঠান সমূহত অহা ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা পুনৰ পাঠদান আৰম্ভ কৰা হ’ব। ৰাজ্যত ক’ভিড সংক্ৰমণৰ হাৰ নিয়ন্ত্ৰণলৈ অহাৰ পিছত ৰাজ্য চৰকাৰে শিক্ষানুষ্ঠান সমূহ পুনৰ মুকলি কৰি পাঠদান আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহত পুনৰ পাঠদনা আৰম্ভ হ’ব যদিও বহু শিক্ষানুষ্ঠানত পাঠদান আৰম্ভ কৰাটো অসম্ভৱ হৈ পৰিছে।

চৰকাৰে ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা শিক্ষানুষ্ঠানত পাঠদান আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে যদিও মানকাচৰৰ মানিক সৰকাৰ হাই স্কুলকে ধৰি একাংশ বিদ্যালয়ত ছেপ্টেম্বৰৰ পৰা পাঠদান দিয়া অসম্ভৱ হৈ পৰিছে। কাৰণ ভাদ মহীয়া বানৰ কবলত পৰিছে মানকাচৰ জিলাৰ ১৬ খনকৈ গাঁও পঞ্চায়ত এলেকা। বিশেষকৈ জিলাৰ সদৰৰ পৰা মাত্ৰ প্ৰায় দুই কিলোমিটাৰ নিলগত থকা মানিক সৰকাৰ হাই স্কুলখন এতিয়া বানৰ পানীয়ে জলমগ্ন কৰি ৰাখিছে।

বিদ্যালয় পুনৰ মুকলি হোৱাৰ পূৰ্বে নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ নাম পঞ্জীয়নৰ কাম চলি আছে। কিন্তু এইখন বিদ্যালয় বানপানীৰ কবলত পৰাত নাম পঞ্জীয়নৰ বাবে ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ আহিব পৰা নাই। ফলত প্ৰধান শিক্ষকজন নিজে টুলুঙা নাওঁ ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীৰ ঘৰে ঘৰে গৈ ছাত্ৰ-ছাত্ৰী সকলক বিদ্যালয়লৈ আনি নাম পঞ্জীয়নৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

ভয়াবহ বান পৰিস্থিতিৰ মাজতে ছাত্ৰ-ছাত্ৰী সকলৰ নাম পঞ্জীয়নৰ কাম প্ৰধান শিক্ষকজনে চলাই আছে যদিও পাঠদান দিয়াৰ পৰা বিৰতি থাকিব লাগিব এইখন বিদ্যালয়ে। পাঠদান আৰম্ভ কৰিব নোৱাৰাৰ ফলত শিক্ষাৰ্থী সকল আৰু পিছুৱাই যাব বুলি প্ৰধান শিক্ষকজনে চিন্তিত হৈ পৰিছে।দক্ষিণ শালমাৰা-মানকাচৰ জিলাত প্ৰায় ১৬ খনকৈ গাঁও পঞ্চায়ত এলেকা বানৰ কবলত পৰিছে।

জিলাখনত ব্ৰহ্মপুত্ৰ নদী বিপদ সীমাৰ পৰা প্ৰায় ৬০ ছেণ্টিমিটাৰ ওপেৰেৰ বৈছে। ফলত মানিক সৰকাৰ হাই স্কুলৰ কাষত থকা পুৰাণ সুখচৰ, বাংৰীৰচৰ গাঁও সম্পূৰ্ণৰূপে বানৰ কবলত পৰিছে। বানাক্ৰান্ত লোক ইতিমধ্যে নিজৰ ঘৰ দুৱাৰ এৰি নিৰাপদ স্থানত আশ্ৰয় লোৱাৰ লগতে একাংশ লোক ঘৰৰ ভিতৰতে চাং পাতি আশ্ৰয় লৈ থকা পৰিলক্ষিত হৈছে।