আমিনগাঁও : আমিনগাঁৱৰ ইমামী কোম্পানীৰ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। ইমামী কোম্পানীৰ তিনি শতাধিক শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তোলে পৰিৱেশ। ইমামী কোম্পানীত কৰ্মৰত শ্ৰমিকক কামৰ পৰা উলিয়াই দিয়াৰ বিৰোধিতা কৰি শ্ৰমিক সকলে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী শ্ৰমিক সকলে অভিযোগ কৰে যে ইমামী কোম্পানী নামৰ প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই বিভিন্ন অজুহাত দেখুৱাই শ্ৰমিক সকলক কামৰ পৰা অব্যাহতি দি আছে।

Please subscribe our YouTube Channel and like our Facebook page. 

প্রতিষ্ঠানটোৰ কৰ্তৃপক্ষৰ এনে কাৰ্যত হতভম্ব হৈ শ্ৰমিক সকলে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী শ্ৰমিক সকলে কেইবা ঘন্টা ধৰি আৱদ্ধ কৰি ৰাখে কোম্পানিটো। ইমামী কম্পেনী হায়, হায়, শ্ৰমিকৰ নিয়ুক্তি নিয়মীয়া কৰণ কৰক, আমাৰ দাবী মানিব লাগিব আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ক্ষোভিত শ্ৰমিক সকলে।

ক’ভিড মহামাৰীয়ে সৰ্বশ্ৰান্ত কৰা শ্ৰমিক সকলক কামৰ পৰা অব্যাহতি দি এতিয়া ভাতে মৰাৰ বাবে ইমামী কোম্পানীৰ কৰ্তৃপক্ষই হাতত লোৱা সিদ্ধান্তক কঠোৰ ভাষাৰে নিন্দা কৰিছে শ্ৰমিকসকলে। আনহাতে শ্ৰমিক সমিতিৰ পৰিচালক প্ৰদীপ হাজৰিকাই শ্ৰমিক সকলৰ হৈ মাত মতা বাবেই কৰ্তৃপক্ষৰ শ্ৰুতলিপি মতে ইউনিয়নৰ সম্পাদক মোজাফৰ আলী আৰু কোষাধ্যক্ষ বিশ্বজিৎ বিশ্বাসে প্ৰদীপ হাজৰিকাক শাৰীৰিকভাৱে আক্ৰমণ কৰা বুলিও অভিযোগ উত্থাপন কৰি এই কাৰ্যক গৰিহনা দিয়ে শ্ৰমিকসকলে।