ৰঙিয়া, ৩১ আগষ্টঃ ৰঙিয়াৰ দৰিদ্ৰ পৰিয়াল এগৰাকী ১৮ বছৰীয়া কিশোৰীয়ে ১৬ বছৰে বন্দীত্বৰ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। বিশেষভাৱে সক্ষম কিশোৰীগৰাকীক আৰ্থিক দীনতাৰ বাবে উপযুক্ত চিকিৎসাৰ অভাৱত পৰিয়ালৰ লোকে কয়দীৰ দৰে বন্দী কৰি ৰাখিবলৈ বাধ্য হৈছে৷ প্ৰাপ্ত তথ্য মতে, ৰঙিয়াৰ অন্তৰ্গত বৰলেছাকোনাৰ দিন হাজিৰা কৰা ধৰ্মেশ্বৰ কলিতাৰ প্ৰথম কন্যা জন্মৰ দুবছৰ পিছতে অসুস্থ হয়৷ ধনৰ অভাৱত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হোৱা শিশুটো শাৰীৰিক আৰু মানসিক বিকাশৰ ক্ষেত্ৰত বাধাগ্ৰস্ত হয়৷ কথা ক’বলৈ আৰু খোজ কাঢ়িবলৈ অপাৰগ শিশুটোক চিকিৎসকক দেখুৱাই যদিও উপযুক্ত চিকিৎসাৰ অভাৱত সুস্থ হৈ নুঠিল। উপায়বিহীন হৈ প্ৰায় দুবছৰ বয়সৰ পৰা শিশুটোক পৰিয়ালৰটোৱে এটা কোঠাত আবদ্ধ কৰি ৰাখে। কলেজত পঢ়া বয়সত নিষ্পাপ কিশোৰীগৰাকীয়ে কৰুণভাৱে বন্দীত্বৰ জীৱন কটাবলৈ বাধ্য হৈছে। অসহায় কিশোৰীগৰাকীৰ উপযুক্ত চিকিৎসাৰ বাবে সহায় বিচাৰিছে দৰিদ্ৰ পৰিয়ালটোৱে।