সোণতলী, ৩১ আগষ্টঃ দক্ষিণ কামৰূপৰ ছয়গাওঁ বিধানসভা সমষ্টিৰ জোৰশিমুলী আৰক্ষী চকীৰ অন্তৰ্গত বাঘমাৰাত নিশা টহলদাৰী গাওঁৰক্ষী বাহিনীৰ দলে আৰক্ষীৰ সহযোগত নাৰীদেহ ব্যৱসায়ী চক্ৰ এটাক উৎখাত কৰে৷ আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ দলটোৱে যুটীয়ভাৱে অভিযান চলাই বাঘমাৰাৰ প্ৰয়াত কামাল উদ্দিনৰ পত্নী ছুফিয়া খাতুন নামৰ মহিলা গৰাকীৰ ঘৰৰ পৰা এগৰাকী কিশোৰীৰ সৈতে চাৰিজন লোকক আটক কৰে৷ প্ৰাপ্ত তথ্য মতে, বাঘমাৰাৰ ছুফিয়া খাতুন নামৰ মহিলা গৰাকীৰ ঘৰত বিগত দহ বছৰ ধৰি চলাই অহা নাৰীদেহ ব্যৱসায়ী চক্ৰটোক স্থানীয় প্ৰশাসন তথা গাওঁৰক্ষী বাহিনীয়েও উৎখাত কৰিবলৈ সক্ষম হোৱা নাছিল৷ বাঘমাৰাৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদকে জানিবলৈ দিয়া মতে, ছুফিয়া খাতুনৰ ঘৰত দীৰ্ঘদিন ধৰি চলি অহা নাৰীদেহ ব্যৱসায় সৰ্ম্পকে কোনোবাই মাত-মাতিলে ধৰ্ষণ বা ভূৱা গোচৰত বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰা হৈছিল৷ যোৱানিশা গুৱাহাটীৰ এগৰাকী কিশোৰীৰ দ্বাৰা মহিলা গৰাকীয়ে দেহ ব্যৱসায় চলাই থকাৰ সময়ত স্থানীয় গাওঁৰক্ষী বাহিনী আৰু জোৰশিমুলী আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই চাৰিজনকৈ লোকৰ লগতে ছুফিয়া খাতুনসহ এগৰাকী কিশোৰীক আটক কৰিবলৈ সক্ষম হয়৷ আটকাধীন ব্যক্তিকেইজন ক্ৰমে বাঘমাৰাৰ মুক্তাৰ আলীৰ পুত্ৰ স্বহিদুল ইছলাম(২৫), হাবেজ উদ্দিনৰ পুত্ৰ কয়েদ আলী (২২),  মহিমাৰীৰ খলিল দেৱানীৰ পুত্ৰ আজিবৰ ৰহমান (৫৫) আৰু ঘোঁৰামাৰাৰ হাছান আলীৰ পুত্ৰ স্বাজাহান আলী (২৮)৷আটকাধীন ব্যক্তিকেইজনক পুৱা গুৱাহাটী আমিনগাওঁস্থিত ন্যায়ালয়লৈ প্ৰেৰণ কৰা হৈছে ৷