দক্ষিণ শালমাৰা, ৩১ আগষ্টঃ দক্ষিণ শালমাৰা আৰক্ষীয়ে অভিযান চলাই এজন চোৰাং গৰু ব্যৱসায়ীক আটক কৰে৷ আটকাধীন গৰু ব্যৱসায়ীজন হাৱালা ফুলবৰ আলি বুলি জানিব পৰা গৈছে৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে, হাৱালা ফুলবৰ আলি বাংলাদেশত গৰুৰ চোৰাং বেহাত জড়িত আছিল৷ দক্ষিণ শালমাৰাৰ উপ আৰক্ষী অধীক্ষক আৰিফ আহমেদৰ নেতৃত্বত এটা দলে অভিযান চলাই চোৰাং গৰু ব্যৱসায়ৰ হাৱালাক আটক কৰে৷ জিলা আৰক্ষী অধীক্ষক অমৃত ভূঞাই দক্ষিণ শালমাৰাৰ গৰুৰ চোৰাং বেহাৰ লগত জড়িত প্ৰতিগৰাকী লোকক গ্ৰেপ্তাৰ কৰি হ’লেও গৰুৰ চোৰাং বেহা বন্ধ কৰা হ’ব বুলি জানিবলৈ দিয়ে৷