তিতাবৰ, ১৩ছেপ্টেম্বৰঃ জাতি মাটি ভেঁটি আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত তিতাবৰৰ বৰহোলা গোলাঘাট সীমান্তৰ আঠখেলীয়া নামঘৰৰ প্ৰাঙ্গনত গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰা হয়৷ আঠখেলীয়া নামঘৰৰ মুখ্য উপদেষ্টা শশী বৰায়ে গণ স্বাক্ষৰ অভিযানৰ উদ্বোধন কৰে৷ উল্লেখ্য যে, ভাৰত চৰকাৰৰ সিদ্ধান্ত অনুসৰি উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্য হাজৰিকাক ভাৰত-বাংলা সীমান্ত পৰ্যবেক্ষণ কৰি প্ৰৱজন সম্পৰ্কত এক প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ দিয়া হয়৷ আনহাতে বিদেশী কৱলৰ পৰা ৰাজ্যখনক মুক্ত কৰিবলৈ প্ৰৱজন বিৰোধী মঞ্চ গঠন কৰা হয়৷ মঞ্চই ভাৰতৰ অন্যান্য ৰাজ্যৰ দৰে অসমটো ১৯৫১চনৰ ভূমি আইন প্ৰযোজ্য হোৱাৰ দাবী জনায়৷ এই দাবীৰ সমৰ্থনতে আজি তিতাবৰ বৰহোলা গোলাঘাট সীমান্তৰ আঠখেলীয়া নামঘৰৰ প্ৰাঙ্গনত গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰা হয়৷