অনলাইন ডেস্ক সংবাদ ডেস্ক, ছেপ্টেম্বৰঃ ৰোহিঙীয়া মুছলমানৰ ওপৰত ম্যানমাৰত সংঘটিত হিংসাত্মক ঘটনাই সমগ্ৰ বিশ্বজুৰি বিশেষ চৰ্চ্চা লাভ কৰা সময়তে ম্যানমাৰৰ নেতা তথা নবেল বঁটা বিজয়ী আংগ ছান ছু কীয়ে চলিত মাহত অনুষ্ঠিত হ’বলগীয়া সংযুক্ত ৰাষ্ট্ৰ মহাসভাৰ বৈঠকত অংশগ্ৰহণৰ সিদ্ধান্ত বাতিল কৰিছে৷ চৰকাৰী প্ৰৱক্তা জাঁ হ্তেয়ে আংগ ছান ছু কীয়ে সংযুক্ত ৰাষ্ট্ৰ মহাসভাৰ বৈঠকত অংশগ্ৰহণৰ সিদ্ধান্ত বাতিল কৰাৰ কথা ঘোষণা কৰে যদিও বৈঠকত অংশগ্ৰহণ নকৰাৰ কাৰণ সন্দৰ্ভত নিৰৱতা অৱলম্বন কৰে৷ ­উল্লেখ্য যে, সংযুক্ত ৰাষ্ট্ৰ মহাসভাৰ   মানৱাধিকাৰ প্ৰমুখ জেদ ৰাদ অল হুছেনে ম্যানমাৰত ৰোহিঙীয়া মুছলমানৰ ওপৰত ব্যৱস্থিত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছতেই ম্যানমাৰৰ নেতা গৰাকীয়ে সংযুক্ত ৰাষ্ট্ৰ মহাসভাৰ বৈঠকত অংশগ্ৰহণৰ সিদ্ধান্ত বাতিল কৰে৷ আনহাতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনায়ো ম্যানমাৰ প্ৰশাসনে ৰোহিঙীয়া মুছলমানৰ ওপৰত অবৰ্ণনীয় অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে৷ হাছিনাই বাংলাদেশ চৰকাৰে এনে কোনো অন্যায় সহ্য নকৰাৰ হুংকাৰ দি ম্যানমাৰ চৰকাৰক দেশখনত হিংসাৰ বলি হৈ বাংলাদেশলৈ পলায়ন কৰি অহা শৰণাৰ্থীসকলক পুনৰ ঘূৰাই নিয়াৰ দাবী জনায়৷ শ্বেখ হাছিনাই ম্যানমাৰত হিংসাৰ বলি হৈ বাংলাদেশলৈ পলায়ন কৰি অহা ৰোহিঙীয়া শৰণাৰ্থীসকলৰ শিবিৰ পৰিদৰ্শন কৰি ম্যানমাৰ চৰকাৰে তেওঁলোকৰ প্ৰত্যাৱৰ্তনৰ ব্যৱস্থা নকৰালৈকে পূৰ্ণ সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে৷ সংযুক্ত ৰাষ্ট্ৰৰ তথ্য অনুসৰি ২৫ আগষ্টৰ পৰা বৰ্তমানলৈ প্ৰায় ৩,১৩,০০০ ৰোহিঙীয়া বাংলাদেশলৈ প্ৰত্যাৱৰ্তন কৰিছে আৰু ১,০০০ অধিক লোকৰ মৃত্যু হৈছে৷