গুৱাহাটী

১১ জুলাই

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়ােজিত এক অনুষ্ঠানত ক’ভিডত স্বামীহাৰা মহিলাৰ সামাজিক আৰু আর্থিক নিৰাপত্তা প্রদানৰ বাবে মুখ্যমন্ত্রী ক’ভিড-১৯ বিধৱা সাহায্য আঁচনিখনৰ শুভ উদ্বোধন কৰে। এই আঁচনিৰ অধীনত যিসকল মহিলাৰ স্বামী ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা তেনে প্ৰতিগৰাকী বিধৱা মহিলালৈ ২.৫০ লাখ টকাৰ এককালীন আর্থিক সাহায্য আগবঢ়োৱা হ’ব।

উল্লেখ্য যে ক’ভিড পজিটিভ হৈ মৃত্যুবৰণ কৰা লােকৰ পত্নীকহে এই আঁচনিৰ অধীনত হিতাধিকাৰী হিচাপে সামৰি লােৱা হ’ব আৰু হিতাধিকাৰীৰ বছৰেকীয়া আয় ৫ লাখ টকাতকৈ কম হ’ব লাগিব।আঁচনিখন শুভ উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কামৰূপ (মহানগৰ), নলবাৰী, দৰং, বাক্সা, মৰিগাঁও, নগাঁও, গােৱালপাৰা আৰু কামৰূপ জিলাৰ মুঠ ১৭৬ গৰাকী হিতাধিকাৰীক ২.৫০ লাখ টকাৰ একোখনকৈ চেক প্রদান কৰে। এই আঁচনিৰ অধীনত বৰ্তমানলৈকে ৮৮৩ গৰাকী হিতাধিকাৰী বাছনি কৰা হৈছে আৰু বাকী থকা হিতাধিকাৰীসকলক প্রদানৰ উদ্দেশ্যেৰে মুখ্যমন্ত্ৰীয়ে প্ৰতিখন জিলাৰ অভিভাৱক মন্ত্ৰীৰ হাতত অৱশিষ্ট চেকসমূহ অর্পণ কৰে।

অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে প্রিয়জনক হেৰুৱাবলগীয়া হােৱাটো অতিশয় মর্মান্তিক ঘটনা। ক’ভিড-১৯ মহামাৰীত স্বামীহাৰা হােৱা মহিলাসকলৰ দুখৰ সৈতে ৰাজ্য চৰকাৰাে সমভাগী হৈছে। দুখৰ এই সময়ছােৱাত পৰলােকগত লােকসকলৰ পৰিয়ালৰ সদস্যসকললৈ কিঞ্চিত সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে তেনে পৰিয়ালসমূহলৈ এইদৰে আর্থিক সাহায্য প্রদানৰ সিদ্ধান্ত লৈছে।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে পৰিয়ালৰ মুৰব্বীজনৰ অকাল বিয়ােগে তেনে পৰিয়াল একোটালৈ আর্থিক অনাটন আনি দিয়ে। এনে অৱস্থাত তেওঁলােকে যাতে মর্যাদা সহকাৰে জীৱন নির্বাহ কৰিব পাৰে সেই উদ্দেশ্যে এই আঁচনিখন গ্ৰহণ কৰা হৈছে। অনুষ্ঠানত মুখ্যমন্ত্রীয়ে কয় যে ক’ভিড-১৯ মহামাৰীৰ বাবে ৰাজ্যখনে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে যদিও এই মহামাৰীত আক্রান্ত লােকসকলক সর্বতােপ্ৰকাৰে সহায় কৰাৰ বাবে চৰকাৰে যৎপৰােনাক্তি চেষ্টা কৰিছে।

তেওঁ কয় যে ক’ভিডত আক্ৰান্ত হৈ পিতৃ-মাতৃক হেৰুওৱা শিশুসকলৰ শৈক্ষিক ভৱিষ্যত সুৰিক্ষিত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ইতিমধ্যে শিশু সেৱা আঁচনি নামেৰে এখন আঁচনিও শুভাৰম্ভ কৰিছে। ক’ভিড-১৯ মহামাৰীত আক্রান্ত অন্যান্য লােকসকললৈ সকাহ প্রদানৰ উদ্দেশ্যে আগন্তুক বাজেটত পর্যাপ্ত পুঁজি ধার্য কৰাৰ বাবে বিত্ত মন্ত্রী অজন্তা নেওগক কোৱা হৈছে বুলিও ভাষণ প্রসংগত তেওঁ উল্লেখ কৰে।

অনুষ্ঠানৰ আৰম্ভণিতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী কেশৱ মহন্তই ক’ভিড-১৯ মহামাৰী প্ৰতিৰােধ কৰাৰ অৰ্থে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ সক্রিয় তত্বাৱধানত সময়ােচিত পদক্ষেপ আৰু দ্রুত কার্যব্যৱস্থা গ্ৰহণ কৰি ৰাজ্যখনত মহামাৰীৰ সংক্রমণ যথেষ্ট নিয়ন্ত্রণ কৰিব পৰা গৈছে যদিও এই মহামাৰীৰ কৱলৰ পৰা ৰাজ্যখনক মুক্ত কৰাৰ উদ্দেশ্যে স্বাস্থ্য বিভাগে নিৰলসভাৱে প্রয়াস অব্যাহত ৰাখিছে।

অনুষ্ঠানত খাদ্য, অসামৰিক যােগান আৰু গ্রাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, পৰিৱহন মন্ত্রী চন্দ্র মােহন পাটোৱাৰী, পৰিৱেশ আৰু বন মন্ত্রী পৰিমল শুক্লবৈদ্য, হস্ততাঁত আৰু বস্ত্র বিভাগৰ মন্ত্রী ইউ জি ব্রহ্ম, কৃষি মন্ত্রী অতুল বৰা, তথ্য আৰু জনসংযােগ বিভাগৰ মন্ত্রী পীযুষ হাজৰিকা, শিক্ষামন্ত্রী ডাঃ ৰণােজ পেগু, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, মুখ্যমন্ত্রী প্রধান সচিব সমীৰ কুমাৰ সিনহাকে ধৰি অন্যান বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।