আজিজ আলী
নলবাৰী
১১ জুলাই

মুকালমুৱাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। নিচাজাতীয় ঔষধসহ গ্ৰেপ্তাৰ এখন ড্ৰাগছ সৰবৰাহকাৰী৷ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ হোৱাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰীজনৰ কবলৰ পৰা উদ্ধাৰ অৰ্ধলক্ষাধিক টকা৷

ৰাজ্যজুৰি অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ অভিযানত জব্দ হৈছে ড্ৰাগছ। গ্ৰেপ্তাৰ হৈছে ইজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰী। নলবাৰী জিলাৰ মুকালমুৱাত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই লাভ কৰে এক বৃহৎ সাফল্য।

মুকালমুৱা আৰক্ষীয়ে অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধসহ গ্ৰেপ্তাৰ কৰে এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক৷ মুকালমুৱা আৰক্ষী থানাৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত বৰাৰ নেতৃত্বত মুকালমুৱা থানাৰ অন্তৰ্গত ঘোগাগাঁৱত আৰক্ষীয়ে অভিযান চলাই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী মইনুল হকক নিচাজাতীয় ঔষধসহ গ্ৰেপ্তাৰ কৰে৷

ধৃত মইনুল হকৰ পৰা আৰক্ষীয়ে নিচাজাতীয় ঔষধসহ অৰ্ধলক্ষাধিক টকাও জব্দ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে মইনুল হক নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনে দীৰ্ঘদিনৰ পৰা অঞ্চলটোত ড্ৰাগছৰ সৰবৰাহ চলাই আছিল। আৰক্ষীয়ে অৱশেষত এক গোপন খবৰৰ ভিত্তিত ড্ৰাগছ সৰবৰাহকাৰী মইনুল হকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

মুকালমুৱা আৰক্ষীয়ে ইতিমধ্যে ড্ৰাগছ সৰবৰাহকাৰী মইনুল হকৰ বিৰুদ্ধে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰে। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী মইনুল হকক নলবাৰী আদালতত হাজিৰ কৰাত আদালতে ড্ৰাগছ সৰবৰাহকাৰীজনক ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে৷