তামুলপুৰ

১২ জুলাই

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলিৰ নাৰায়ণপুৰৰ এটা পানী যোগান আঁচনিৰ চৌহদত দিন দুপৰতে মানুহ আহিবলৈ ভয় কৰে। পানী যোগান আঁচনিটো দেখিলে এইয়া কোনো ঘন অৰণ্যৰ মাজত থকা এটা ভূত বাংলাহে যেন অনুভৱ হয়। এই জৰাজীৰ্ণ পানী যোগান আঁচনিটো হ’ল বৃহত্তৰ নাৰায়ণপুৰ অঞ্চলৰ এটা পানী যোগান আঁচনি।

উল্লেখ্য যে এই নাৰায়ণপুৰ পানী যোগান আঁচনিটো ২০১৫ চনতে স্থাপন কৰা হৈছিল যদিও স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি আৰম্ভণিৰ ৪-৫ মাহ পানী যোগান দিয়াৰ পিছৰে পৰা বৰ্তমানলৈকে পৰিতক্ত অবস্থাত আছে পানী যোগানটো। এই পানী যোগান আঁচনিৰ চৌহদ বৰ্তমান গৰু-ছাগলীৰ বাসস্থানত পৰিণত হোৱাৰ উপৰিও ঘন জংঘলে আৱৰি ধৰিছে।

পানী যোগান আচঁনিটোৰ এনে জৰাজীৰ্ণ অৱস্থাৰ ফলত অঞ্চলটোৰ ৰাইজে এটুপান বিশুদ্ধ খোৱা পানীৰ বাবে সংগ্ৰাম কৰিব লগীয়া হৈছে। নাৰায়ণপুৰ পানী যোগান আঁচনিৰ এনে ৰূপ দেখি চকু কপালত উঠিছে একাংশ সচেতন মহলৰ।

কুৱা, নদী আৰু নিজৰাৰ পানীৰ ওপৰত নিৰ্ভৰশীল অঞ্চলটোৰ ৰাইজে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক এই পানী যোগান আচঁনিটো পুনৰ কাৰ্যক্ষম কৰি তোলাৰ বাবে আহ্বান জনাইছে। এটিয়া প্ৰশ্ন হয় বিভাগীয় কৰ্তৃপক্ষই কিবা পদক্ষেপ গ্ৰহণ কৰিবনে এই পৰিতক্ত অবস্থাত থকা পানী যোগান আঁচনিটো পুনৰ কাৰ্যক্ষম কৰিবলৈ?