গোঁসাইগাঁও : অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ অন্য এক গুৰুত্বপূৰ্ণ সাফল্য। মুক্তাৰ আলী নামৰ এজন আৰক্ষী জোৱানৰ বাবেই এই সাফল্য লাভ কৰিলে আৰক্ষীয়ে। গোঁসাইগাঁও মহকুমাৰ শিমুলটাপু আৰক্ষী চকীৰ জোৱান মুক্তাৰ আলীয়ে জব্দ কৰে প্ৰায় ২ কোটি টকা মূল্যৰ হেৰ’ইন।

বঙাইগাঁও জিলাৰ গোঁসাইগাঁও মহকুমাৰ শিমুলটাপু আৰক্ষী চকীৰ জোৱান মুক্তাৰ আলীয়ে বৃহস্পতিবাৰে নিশা তালাচী চলাই এখন ট্ৰাকৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰ’ইন। নিশা ৰাষ্ট্ৰীয় ঘাইপথত নাকা তালাচীত নিয়োজিত হৈ থকা আৰক্ষী জোৱান গৰাকীয়ে গিজে-০১-ইটি-৩০৬৭ নম্বৰৰ এখন ট্ৰাকত তলাচী চলাই হেৰ’ইনখিনি জব্দ কৰে।

হেৰ’ইন উদ্ধাৰ হোৱা ট্ৰাকখনৰ চালক বিকাশ কুমাৰ আৰু ট্ৰাকখনত থকা অনিল কুমাৰ নামৰ দুজন লোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। ইফালে ট্ৰাকখনৰ পৰা জব্দ হোৱা হেৰ’ইনখিনিৰ মূল্য প্ৰায় ২ কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।