বৰপেটা : বছৰৰ দ্বিতীয়টো বানৰ কবলত পৰিছে ৰাজ্যৰ কেইবাখনো জিলা। উজনি-নামনিৰ কেইবাখনো জিলাৰ বহু অঞ্চল প্লাবিত কৰিছে বানৰ পানীয়ে। বৰপেটা জিলাৰো বহু অঞ্চল এতিয়া বাঢ়নী পানীৰ তলত। জিলাখনত বেঁকী নৈয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। বিশেষকৈ জনীয়াত বেঁকী নৈৰ পানী বিপদ সীমাৰ ওপৰেদি বৈছে।

বৰপেটা জিলাৰ জনীয়াৰ মাজেৰে বৈ যোৱা বেঁকী নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত অঞ্চলটোৰ কেইবাখনো নৱনিৰ্মিত পকীপথৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। বেঁকী নৈৰ বাঢ়নী পানীয়ে জনীয়াৰ নৈপৰীয়া ৰাইজৰ মাজত আতংকত সৃষ্টি কৰিছে। বেঁকী নৈৰ ৰুদ্ৰৰূপ দেখি ৰাইজৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

জনীয়াৰ কলগাছিয়াৰ পৰা ইউছুব বজাৰলৈ যোৱা নৱনিৰ্মিত পকী পথ আৰু কালৰ্ভাটৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে বেঁকী নৈৰ পানীয়ে। যিকোনো সময়ত বেঁকী নৈৰ বাঢ়নী পানীৰ কোবাল সোঁতে নৱনিৰ্মিত পকী পথ আৰু কালভাৰ্টখন উটুৱাই লৈ যাব পাৰে। পকী পথখন উটুৱাই নিলেই যোগাযোগ বিচ্ছিন্ন হৈ পৰিব বহু অঞ্চল।

জনীয়াৰ কেইবাখনো নৈপৰীয়া গাঁৱৰ কেইবাশ পৰিয়ালৰ ঘৰ দুৱাৰ ইতিমধ্যে বানৰ পানীয়ে প্লাবিত কৰিছে। শ শ বিঘা খেতি পথাৰত পানীৰ তলত ডুব যোৱাত নষ্ট হ’বলৈ ধৰিছে কঠিয়া। ইফালে বাঢ়নী পানীৰ সোঁতত পুখুৰীৰ মাছ ওলাই যোৱাৰ ফলত ব্যাপক ক্ষতি সাধন হৈছে মৎস্য পালক সকলৰ।

উল্লেখ্য যে, ভূটানৰ কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ ফলত নিশাৰ ভিতৰতে বেঁকী নৈৰ জলপৃষ্ঠ ভয়াবহভাৱে বৃদ্ধি পাই কেইবাশ লোকৰ ঘৰ দুৱাৰ প্লাবিত কৰিছে। বহু লোকে ঘৰ এৰি নিৰাপদ স্থলত আশ্ৰয় লৈছে। ওখ ঠাই আৰু পথৰ কাষত গৰু-ছাগলীৰ লগত একেলগে থাকিবলৈ বাধ্য হৈছে বানাক্ৰান্ত ৰাইজ।