মানকাচৰ : হাটশিঙিমাৰীত পিষ্টলসহ এজন যুৱক গ্ৰেপ্তাৰ। হস্তনিৰ্মিত পিষ্টললৈ বজাৰত ঘূৰি থকা অৱস্থাত যুৱকজনক গ্ৰেপ্তাৰ কৰা হয়। যুৱকজনৰ ঘৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত বুলি জানিব পৰা গৈছে।

মেঘালয়ৰ টিক্ৰিকিল্লাৰ ২৪ বছৰীয়া দেনিবাড চাংমা নামৰ যুৱকজনে মোনাৰ ভিতৰৰ হস্তনিৰ্মিত পিষ্টল ভৰাই বজাৰত ঘূৰি ফুৰি থকা অৱস্থাত আৰক্ষী আৰু বি এছ এফে যুৱকজনক গ্ৰেপ্তাৰ কৰে। অৱশ্যে যুৱকজনৰ কবলৰ পৰা জব্দ কৰা পিষ্টলত গুলী নাছিল বুলি জানিব পৰা গৈছে।

মেঘালয়ৰ টিক্ৰিকিল্লাৰ যুৱকজন দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অসম-মেঘালয় সীমান্তৰ পিপুলবাৰী দৈনিক বজাৰত থকা এখন চাহ দোকানৰ কৰ্মচাৰী। যুৱকজনে কি কাৰণত মেঘালয়ৰ পৰা পিষ্টল আনি এইদৰে অসমত ঘূৰা ফুৰা কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।