নিউজ ডেস্ক : দেশত যোৱা ২৪ ঘণ্টাত নতুনকৈ ক’ভিডত আক্রান্ত ২ লাখ ৬৮ হাজাৰ ৮৩৩ জন লোক। মৃত্যুৰ মুখত পৰিছে ৪০২ জন ক’ভিড ৰোগী। ইফালে ক’ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্রন দ্ৰুত গতিত সংক্ৰমিত হৈ আছে দেশত।

ক’ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্রনত আক্রান্ত হৈছে ৬ হাজাৰ ৪১ জন লোক। দেশত পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে ক’ভিড মহামাৰীয়ে। পুনৰ দেশত বৃদ্ধি পাইছে ক’ভিডত আক্রান্ত লোকৰ সংখ্যা। কেন্দ্ৰিয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ২ লাখ ৬৮ হাজাৰ ৮৩৩ জন লোক।

যোৱা ২৪ ঘণ্টাত দেশত ক’ভিডৰ এই ভয়াবহ সংক্ৰমণৰ মাজতে ক’ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্রনত আক্রান্ত হৈছে ৬ হাজাৰ ৪১ জন লোক। আনহাতে দেশত যোৱা ২৪ ঘণ্টাত মৃত্যুৰ মুখত পৰিছে ৪০২ জন ক’ভিড ৰোগী।

যোৱা ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত ১ লাখ ২২ হাজাৰ ৬৮৪ জন লোক সুস্থ হৈ উঠিছে। উল্লেখ্য যে নতুন বছৰৰ আৰম্ভণিৰ পৰাই দেশত ক’ভিড সংক্ৰমণৰ হাৰ অধিক ভয়াবহভাৱে বৃদ্ধি পাবলৈ ধৰিছে। সেইহে দেশত ক’ভিডৰ তৃতীয় ঢৌৰ আৰম্ভণি ঘটিছে বুলি আশংকা প্ৰকাশ কৰা হৈছে।