গুৱাহাটী : মাঘ বিহুৰ দিনটোত ৰাজ্যত ২ হাজাৰ ৩৪৮ জন নতুনকৈ আক্রান্ত হৈছে ক’ভিডত। মৃত্যুৰ হৈছে ৫ জনকৈ ক’ভিড ৰোগীৰ। ইয়াৰ পৰিবৰ্তে সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা হৈছে ৮৬১ জন। বুধবাৰ আৰু বৃহস্পতিবাৰৰ তুলনাত ৰাজ্যত মাঘ বিহুৰ দিনা সামান্য হ্ৰাস পাইছে আক্রান্তৰ সংখ্যা।

ৰাজ্যত অধিক ভয়াবহভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা। শুকুৰবাৰৰ দিনটোত ৰাজ্যত ৭.৮০ শতাংশলৈ বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ। শুকুৰবাৰে মাঘ বিহুৰ দিনটোত ৰাজ্যত মুঠ ৩০ হাজাৰ ১০৯ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে ২ হাজাৰ ৩৪৮ জনৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি।

আনহাতে এই সময়ছোৱাত ৰাজ্যত মৃত্যুৰ মুখত পৰে ৫ জন ক’ভিড আক্রান্ত লোক। শুকুৰবাৰে ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ৮৬১ জন। শুকুৰবাৰৰ দিনটোত সৰ্বাধিক লোক ক’ভিডত আক্রান্ত হৈছে কামৰূপ মহানগৰ জিলাত। ৮৭০ জন লোক কামৰূপ মহানগৰ জিলাত শুকুৰবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হয়।

কামৰূপ মহানগৰ জিলাৰ পিছতে আছে কাছাৰ জিলা। কাছাৰত আক্রান্ত হৈছে ২২২ জন লোক। ইয়াৰ পৰিবৰ্তে ডিব্ৰুগড়ৰ জিলাত ১৪৭ জন আৰু যোৰহাট জিলাত ১৪০ জন লোক আক্রান্ত হৈছে। মৃত্যুৰ মুখত পৰা ক’ভিড ৰোগী ৫ জনৰ ভিতৰত ৩ জন কামৰূপ মহানগৰ জিলাৰ, ১ জন বঙাইগাঁও জিলাৰ আৰু ১ জন দৰং জিলাৰ।