মানকাচৰ : মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী আছামেৰ আলগাৰ বৰ্মনপাৰাত বিধ্বংসী অগ্নিকাণ্ড। এই বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত হয় দুটা পৰিয়ালৰ তিনিটাকৈ ঘৰ। জুইত জাহ যায় পৰিয়ালৰ দুটাৰ ১০ লক্ষাধিক টকাৰ সম্পত্তি। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও ৰান্ধনী ঘৰৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকীৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী আছামেৰ আলগাৰ বৰ্মনপাৰাত শুকুৰবাৰে নিশা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত দুটা পৰিয়ালৰ তিনিটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। এই বিধ্বংসী অগ্নিকাণ্ডত পৰিয়াল দুটাৰ প্ৰায় ১০ লক্ষাধিক টকাৰ বিস্তৰ ক্ষতি সাধণ হোৱা বুলি অনুমান কৰা গৈছে।

নিশা বৰ্মনপাৰা গাঁৱৰ অধীৰ চন্দ্ৰ বৰ্মন নামৰ এজন লোক নিশাৰ আহাৰ গ্ৰহণ কৰি টোপনি যোৱাৰ পিছত ৰহস্যজনকভাৱে নিশা প্ৰায় ১ বজাত লোকজনৰ ৰান্ধনী ঘৰত জুইৰ সূত্ৰপাত ঘটে। ফলত লোকজনৰ ৰান্ধনী ঘৰৰ লগতে দুটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অধীৰ চন্দ্ৰ বৰ্মনৰ ঘৰ লগতে লাগি থকা তেওঁৰ ভাতৃ প্ৰাণ মহোন বৰ্মনৰ এটা ঘৰো অগ্নিকাণ্ডত ভস্মীভূত হয়।

অগ্নিকাণ্ডত নগদ প্ৰায় ১ লাখ টকা, এখন মটৰ চাইকেল, এখন চাইকেল, প্ৰায় ৪০ কুইণ্টল ধান, প্ৰায় ৫০ হেজাৰ টকাৰ সোন-ৰূপৰ আ-অলংকাৰ, এন আৰ চি, মাটিৰ নথিপত্ৰকে ধৰি মুঠ প্ৰায় ১০ লক্ষাধিক টকাৰ বিস্তৰ ক্ষতি সাধম হয়।হাটশিঙিমাৰী অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।