গুৱাহাটী : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ পদক্ষেপ আৰু উৰুকাৰ নিশা দুর্ঘটনামুক্ত হৈ থাকিল মহানগৰী গুৱাহাটী। উৰুকাৰ নিশা মহানগৰী গুৱাহাটীত সুৰা বিক্ৰীৰ অভিলেখ। মহানগৰীত ২ কোটি ৭৫ লাখ টকাৰ সুৰা বিক্ৰী হ’ল আৰু উৰুকাৰ নিশা এটাও পথ দুর্ঘটনা সংঘটিত নহ’ল। মহানগৰ আৰক্ষী প্ৰশাসনে দুর্ঘটনামুক্ত উৰুকাৰ নিশাত সাফল্য লাভ কৰিলে।

যি সময়ত উৰুকাৰ নিশা মহানগৰবাসী মাঘৰ বিহু উদ্যাপনত ব্যস্ত আছিল সেই সময়ত মহানগৰীৰ ৰাজপথত আৰক্ষী প্ৰশাসন যুদ্ধ চলাই আছিল মানুহৰ জীৱন ৰক্ষাৰ। মহানগৰ আৰক্ষী প্ৰশাসনক অৱশেষত এই যুদ্ধত বিজয়ী হ’বলৈ সক্ষম হ’ল। উৰুকাৰ নিশা মহানগৰ আৰক্ষী প্ৰশাসনে এটাও পথ দুর্ঘটনা সংঘটিত হ’বলৈ নিদিলে। উৰুকাৰ নিশা গুৱাহাটী মহানগৰীত ২ কোটি ৭৫ লাখ টকাৰ সুৰা বিক্ৰী হ’ল যদিও সংঘটিত নহ’ল এটাও পথ দুর্ঘটনা।

এফালে উৰুকাৰ নিশা মহানগৰবাসীয়ে সুৰাপানৰ অভিলেখ গঢ়িলে আনফালে পথ দুর্ঘটনা সংঘটিত নোহোৱাকৈ উৰুকাৰ নিশা পাৰ কৰিলে আৰক্ষী প্ৰশাসনে। আৰক্ষী প্ৰশাসনৰ এই সাফল্য লাভ কৰাৰ আঁৰত আছিল মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আৰু আৰক্ষী প্ৰশাসনৰ কঠোৰ পদক্ষেপ। উল্লেখ্য যে ৩১ ডিচেম্বৰৰ নিশাও মহানগৰীত এটাও পথ দুৰ্ঘটনা সংঘটিত হোৱা নাছিল।

সুৰামত্ত চালকৰ বিৰুদ্ধে ৩১ ডিচেম্বৰৰ নিশা আৰু উৰুকাৰ নিশা আৰক্ষীয়ে চলাইছিল তীব্ৰ অভিযান চলাইছিল। আৰক্ষী প্ৰশাসনৰ কঠোৰ পদক্ষেপ আৰু মহানগৰবাসীৰ সহযোহৰ ফল দুর্ঘটনামুক্ত ৩১ ডিচম্বৰ আৰু উৰুকা। ৩১ ডিচেম্বৰৰ নিশা ৬ কোটি টকাৰ সুৰা বিক্ৰী আৰু উৰুকাৰ নিশা ২ কোটি ৭৫ লাখ টকাৰ সুৰা বিক্ৰীৰ পিছতো দুর্ঘটনামুক্ত হৈ থাকিল মহানগৰী গুৱাহাটী ৩১ ডিচম্বৰ নিশা আৰু উৰুকাৰ নিশা।