দক্ষিণ শালমাৰা : পোষণ মাহ উপেলক্ষ গৰ্ভৱতী মহিলা আৰু শিশুৰ বাবে থলুৱা খাদ্যৰ বিশেষ প্ৰদৰ্শনী। বিভিন্ন থলুৱা খাদ্য, শাক-পাচলি, ফল-মূলৰ লগতে জনগোষ্ঠীয় খাদ্যৰ প্ৰদৰ্শনী। গৰ্ভৱতী মহিলা সকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই বিভিন্ন পুষ্টিকৰ খাদ্য খবলৈ দিয়া হয় প্ৰদৰ্শনীত।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ আদৰ্শ গাঁও পঞ্চায়তৰ কুচনিমাৰাত পোষণ মাহ উপেলক্ষ এক বিশেষ থলুৱা খাদ্যৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। মানকাচৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰৰ উদ্যোগত ঝাউডাঙা ছেক্টৰৰ অংগনাবাদী কেন্দ্ৰ কৰ্মী সকলক লৈ এই থলুৱা খাদ্যৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়।

ৰাজ্যৰ অন্যান্য জিলা সমূহৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো ছেপ্টেম্বৰ মাহটো পোষণ মাহ হিচাপে পালন কৰা হৈছে। পোষণ মাহ উপলক্ষে মানকাচৰত থলুৱা খাদ্য, শাক-পাচলি আৰু ফল-মূলৰ প্ৰদৰ্শনী মেলা অনুষ্ঠিত কৰা হয়।

পোষণ মাহ উপলক্ষে ছেপ্টেম্বৰ মাহত প্ৰতিদিনে বিভিন্ন কাৰ্যসূচীৰে অংগনাবাদী কেন্দ্ৰৰ কৰ্মী সকলক সজাগ আৰু সচেতন কৰি তোলাৰ উদ্দেশ্যে এই কাৰ্যসূচী ৰূপায়ন কৰা হয়। পোষণ মাহৰ লগত সংগতি ৰাখি মানকাচৰৰ আদৰ্শ গাঁও পঞ্চায়তত থকা কুচনিমাৰা-জোৰডাঙা উচ্চ প্ৰাথমিক মাদ্ৰাছাত দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন পুষ্টিকৰ খাদ্য, শাক-পাচলি, ফল-মুলৰ তথা জনগোষ্ঠীয় খাদ্যৰ প্ৰদৰ্শনী মেলা অনুষ্ঠিত কৰা হয়।

২০১৮ চনৰ পৰাই ছেপ্টেম্বৰ মাহটো সমাজ কল্যাণ বিভাগৰ অধীনত সংহত শিশু উন্নয়ন প্ৰকল্পৰ পৰা এইদৰে পোষণ মাহ হিচাপে পালন কৰা হয়। মানকাচৰৰ ঝাউডাঙা ছেক্টৰৰ অৰ্ধশতাধিক অগংনাবাদী কেন্দ্ৰ কৰ্মী তথা সহায়িকা সকলক লৈ এই খাদ্য সামগ্ৰীৰ প্ৰদৰ্শনী মেলা অনুষ্ঠিত কৰা হয়।

এই খাদ্য প্ৰদৰ্শনী মেলাৰ জৰিয়তে কণ কণ শিশু সকলৰ লগতে গৰ্ভৱৰ্তী মহিলা সকলক এমিনা আৰু পুষ্টিহীন দূৰ কৰাৰ বাবে সজাগতামুলক কাৰ্যসূচী ৰূপায়ন কৰা হৈছে। শিশু তথা গৰ্ভৱৰ্তী মহিলা সকলৰ পুষ্টি পোৱাৰ বাবে প্ৰটিন তথা আইৰযুক্ত শাক-পাচলি, ফল-মূল আৰু থলুৱা খাদ্য গ্ৰহণ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰা হয়। কি কি খাদ্য গ্ৰহণ কৰিলে অধিক প্ৰটিন লাভ কৰিব পাৰি সেই সম্পৰ্কে বিভিন্ন গীতৰ জৰিয়তে প্ৰদৰ্শনী মেলাত উপস্থিত থকা অংগনাবাদী কেন্দ্ৰৰ কৰ্মী-সহায়িকা তথা গৰ্ভৱৰ্তী মহিলা সকলক সজাগ কৰা হয়।

এই খাদ্য প্ৰদৰ্শনীত অংগনাবাদী কেন্দ্ৰৰ কৰ্মী তথা সহায়িকা সকলে বিভিন্ন জনগোষ্ঠীয় থলুৱা খাদ্য ঘৰতে প্ৰস্তুত কৰি প্ৰদৰ্শন কৰে। প্ৰদৰ্শনীত বিভিন্ন প্ৰটিন তথা আইৰনযুক্ত শাক-পাচলি, ফল-মূল আদিও প্ৰদৰ্শন কৰা হয়। এই বিশেষ খাদ্য প্ৰদৰ্শনীত গৰ্ভৱৰ্তী মহিলা সকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই বিভিন্ন পুৰষ্টিকৰ খাদ্য খবলৈ দিয়া হয়।