নিউজ ডেস্ক : আফগানিস্তানত ভূমিকম্পৰ তীব্ৰ জোকাৰণী। দুটাকৈ ভূমিকম্পই জোকাৰণীত তাচ পাতৰ দৰে খহি পৰে কেইবাখনো ঘৰৰ চাদ। ২৬ জনকৈ লোক নিহত হোৱাৰ লগতে আহত হৈছে বহু লোক। আফগানিস্তান আৰু তাজাখিস্তানৰ সীমান্তৱৰ্তীত ভূমিকম্পৰ কেন্দ্ৰস্থল।

সোমবাৰে আফগানিস্তানত দুটাকৈ বিধ্বংসী ভূমিকম্পৰ জোকাৰণীত নিহত হয় ২৬ জনকৈ লোক। নিহত সকলৰ ভিতৰত ৪ টিকৈ শিশু আৰু ৫ গৰাকী মহিলা আছে বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ ফলত ঘৰৰ চাদ খহি পৰাত কেইবাজনো লোক আহত হৈছে।

সোমাবাৰে দিনৰ ভাগত প্ৰায় ২ বজাৰ আহে প্ৰথমটো ভূমিকম্প। প্ৰথমটো ভূমিকম্পৰ প্ৰৱল্য ৫.৩ ৰিখটাৰ স্কেল আছিল। ৪ বজাত অহা দ্বিতীয়টো ভূমিকম্পৰ প্ৰৱল্য আছিল ৪.৯ ৰিখটাৰ স্কেল। আফগানিস্তান আৰু তাজাখিস্তানৰ সীমান্তৱৰ্তীত ভূমিকম্প দুটাৰ কেন্দ্ৰস্থল আছিল।

মৃতকৰত সংখ্যা আৰু অধিক বৃদ্ধি হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। ভিতৰুৱা অঞ্চল সমূহত বৰ্তমানেও উদ্ধাৰকাৰীৰ দল উপস্থিত হোৱা নাই। দুটাকৈ ভূমিকম্পৰ ফলত বহু ঘৰৰ চাদ খহি পৰিছে। উল্লেখ্য যে শুকুৰবাৰে নিশাৰ ভাগতো আফগানিস্তানৰ ফেইজাবাদত ৫.৩ প্ৰৱল্য ৰিখটাৰ স্কেলৰ ভূমিকম্পই জোকাৰি গৈছিল।