জোনমণি বেগম

বিশ্বনাথ : ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। প্ৰতিদিনে ৰাজ্যত উৰ্ধগামী হৈছে ক’ভিড সংক্ৰমণৰ হাৰ। ৰাজ্যৰ অন্যান্য জিলা সমুহৰ লগতে বিশ্বনাথ জিলাতো ভয়াবহভাৱে ক’ভিডত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে। বিশ্বনাথত ক’ভিড যুদ্ধৰ সন্মুখৰ যোদ্ধা চিকিৎসা সেৱাৰ লগত জড়িত কেইবাজনো লোক ক’ভিডত আক্রান্ত হৈছে।

নৱ বর্ষকত দেশৰ লগতে অসমতো পুনৰ মূৰ দাঙি উঠিছে ক’ভিড মহামাৰীয়ে। প্ৰতিদিনে দেশত ২ লক্ষাধিক লোকতকৈও অধিক লোক আক্রান্ত হৈছে ক’ভিডত। অসমতো একে পৰিস্থিতি। সোমবাৰৰ দিনটোত অসমত নতুনকৈ ক’ভিডত আক্রান্ত আক্রান্ত হৈছে ৬ হাজাৰতকৈও অধিক লোক। ৰাজ্যত সৰ্বসাধাৰণ ৰাইজৰ লগতে চিকিৎসা সেৱাৰ লগত জড়িত চিকিৎসা কর্মী সকলো আক্রান্ত হৈছে ক’ভিডত।

বিশ্বনাথ জিলাত চিকিৎসা সেৱাৰ লগত জড়িত কেইবাজনো লোকৰ শৰীৰত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে। বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ৰ ৪ জনকৈ চিকিৎসক, ২ জন নাৰ্ছ আৰু ১ জন কাৰিকৰী কৰ্মচাৰীৰ দেহত ক’ভিডৰ অৱস্থিত ধৰা পৰিছে। ক’ভিডত আক্রান্ত চিকিৎসক, নাৰ্ছ আৰু কাৰিকৰী কৰ্মচাৰী জনক ইতিমধ্যে ঘৰত আছুটীয়াকৈ ৰখা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে সোমবাৰে ৰাজ্যত কভিড সংক্ৰমণৰ হাৰ আছিল ১০.৭৫ শতাংশ। সোমবাৰে ৰাজ্যত ৬৪ হাজাৰ ৯১৯ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰে ৬ হাজাৰ ৯৮২ জন লোকৰ শৰীৰত ধৰা পৰিছিল ক’ভিডৰ অৱস্থিতি। সোমবাৰে সমগ্ৰ ৰাজ্যতে মৃত্যু হৈছিল ১১ জনকৈ ক’ভিড ৰোগীৰ। ইয়াৰ পৰিবৰ্তে সোমবাৰৰ দিনটোত ক’ভিডৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা আছিল ২ হাজাৰ ২৮১ জন।