গৰৈমাৰী : ইছলাম ধৰ্মাৱলম্বী লোক সকলক পবিত্ৰ ধৰ্মগ্ৰন্থ এখন বিশেষ কোৰাণকলৈ ইছলাম ধৰ্মাৱলম্বী লোক সকলক মাজত ব্যাপক চৰ্চা। কোৰাণখনক চাবলৈ লোকে লোকৰণ্য হৈ পৰিছে এটা অঞ্চল। বিধ্বংসী অগ্নিকাণ্ডতো অক্ষত অৱস্থাত থাকিল ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ এই বিশেষ কোৰাণখন।

এক বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় এজন লোকৰ ঘৰ। ঘৰৰ সকলো সামগ্ৰী ভস্মীভূত হয় যদিও আশ্চৰ্য্যজনকভাৱে অক্ষত অৱস্থাত থাকে ঘৰৰ ভিতৰত থকা ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ ধৰ্মগ্ৰন্থ কোৰাণ। ইয়াকেলৈ এতিয়া ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ মাজত দেখা গৈছে ব্যাপক চৰ্চা।

দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ টপাৰপথাৰত দেওবাৰে নিশা আফজাল হক নামৰ এজন লোকৰ ঘৰত সংঘটিত হৈছিল এক বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত আফজাল হকৰ ঘৰৰ সকলো সামগ্ৰী ভস্মীভূত হয়। অগ্নিকাণ্ডত নগদ ধনসহ প্ৰায় ১৫ লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায় যদিও ঘৰৰ ভিতৰত থকা কোৰাণখন অক্ষত অৱস্থাত থাকে।

আনকি পবিত্ৰ কোৰাণখন ৰখা টেবুলখনো জুইত জ্বলি যায় যদিও কোৰাণখনৰ এখনো পৃষ্ঠা নজ্বলাকৈ থকাত সকলোৰে চকু কপালত উঠিছে৷ এই আশ্চৰ্য্যজনক ঘটনাৰ পিছতে অঞ্চলটোৰ ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ মাজত ব্যাপক চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে। অক্ষত অৱস্থাত থকা কোৰাণখন চাবলৈ অঞ্চলটো লোকে লোকৰণ্য হৈ পৰিছে।