বোকাজান : বোকাজান আৰক্ষীৰ বৃহৎ সাফল্য। বোকাজান আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ জীৱ জন্তুৰ অংগ। এখন ডাম্পাৰৰ টেংকিৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ৬০ পেকেট ড্ৰাগছ। হৰিণৰ লাওখোলা, কাছৰ চলং, হাতীৰ ভৰিৰ হাড়ৰ লগতে বহু জীৱ জন্তুৰ অংগ জব্দ কৰিছে আৰক্ষীয়ে।

ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে জব্দ কৰিবলৈ সক্ষম হৈছে ড্ৰাগছ। আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ইতিমধ্যে জালত পৰিছে বহু ড্ৰাগছ সৰবৰাহকাৰী, ড্ৰাগছ মাফিয়া আৰু ড্ৰাগছ আসক্ত লোক।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ ধাৰাবাহিক সাফল্যৰ মাজতে কাৰ্বি আংলং আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সাফল্য। কাৰ্বি আংলং জিলাৰ বোকাজানত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ জীৱ জন্তুৰ অংগ। বুধবাৰে পুৱাৰ ভাগতে কাৰ্বি আংলং আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলাই এই সাফল্য লাভ কৰে।

কাৰ্বি আংলং জিলাৰ বোকাজানৰ ফুলবাৰীত বাবা হাজৰিকা নামৰ এজন ড্ৰাগছ মাফিয়াৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ড্ৰাগছসহ জীৱ জন্তুৰ অংগ। বাবা হাজৰিকাৰ ঘৰত এখন ডাম্পাৰৰ টেংকিৰ পৰা আৰক্ষীয়ে ৬০ পেকেট ড্ৰাগছ জব্দ কৰাৰ লগতে ড্ৰাগছ মাফিয়াজনৰ ঘৰৰ পৰা হৰিণৰ লাওখোলা, কাছৰ চলং, হাতীৰ ভৰিৰ হাড় জব্দ কৰে।

ড্ৰাগছ মাফিয়া বাবা হাজৰিকাৰ ঘৰত ডাম্পাৰখনৰ টেংকিৰ পৰা আৰক্ষীয়ে জব্দ কৰা ৬০ পেকেট ড্ৰাগছখিনিৰ ওজন প্ৰায় ৮০০ গ্ৰাম। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য ৫ কোটি টকাতকৈও অধিক বুলি জানিব পৰা গৈছে। বাবা হাৰিজাক দীর্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ বেহা চলাই আছিল। অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।