ডিফু : গাড়ীৰ লাইটৰ ভিতৰত লুকুৱাই আনিছিল ড্ৰাগছ। ৩.৫ কোটি টকা মূল্যৰ ড্ৰাগছ বলেৰ গাড়ীৰ লাইটৰ ভিতৰত লুকুৱাই আনিছিল। আৰক্ষীৰ তালাচীত ধৰা পৰে ড্ৰাগছসহ দুই ড্ৰাগছ সৰবৰাহকাৰী। মণিপুৰৰ পৰা গুৱাহাটীলৈ নিয়াৰ পথত আৰক্ষীৰ তালাচীৰত ধৰা পৰা ড্ৰাগছখিনি। ড্ৰাগছ সৰবৰাহ এই নতুন কৌশল কামত নাহিল মণিপুৰৰ দুই ড্ৰাগছ সৰবৰাহকাৰীৰ।

অসম আৰক্ষী ড্ৰাগছৰ বিৰুদ্ধে যিমানেই কঠোৰ হৈছে সিমানেই চতুৰ হৈছে ড্ৰাগছ সৰবৰাহকাৰী। ৰাজ্যজুৰি অসম আৰক্ষীয়ে চলাই থকা ড্ৰাগছ বিৰোধী অভিযানৰ বাবে ড্ৰাগছ সৰবৰাহকাৰী সকলৰ বাবে ড্ৰাগছ সৰবৰাহ কৰাটো অসম্ভৱ হৈ পৰিছে। প্ৰতিদিনে আৰক্ষীয়ে ৰাজ্যৰ চুকে কোনে ড্ৰাগছ জব্দ কৰাৰ লগতে জালত পেলাই আছে এজনৰ পিছত আনজন ড্ৰাগছ সৰবৰাহকাৰী।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ড্ৰাগছ সৰবৰাহকাৰী সকলৰ বাবে মূৰৰ কামোৰণি হৈ উঠিছে। আৰক্ষীৰ এটাৰ পিছত আনটো সাফল্য দেখি ড্ৰাগছ সৰবৰাহকাৰী সকলো সলনি কৰিছে ড্ৰাগছ সৰবৰাহৰ কৌশল। ড্ৰাগছ সৰবৰাহকাৰীৰ নতুন কৌশল বিফল কৰি অসমক ড্ৰাগছমুক্ত ৰাজ্য কৰাৰ লক্ষ্যলৈ ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা অসম আৰক্ষীয়ে লাভ কৰিছে আন এক সফলতা৷

সোমবাৰে পুৱতি নিশাৰ ভাগত কাৰ্বি আংলঙৰ বোকাজানত ৩.৫ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে। বোকাজান মহকুমাৰ কাৰ্বি আংলঙ আৰক্ষীয়ে লাহৰিজানত নাকা তালাচীত জব্দ কৰে ৪১২ গ্ৰাম হেৰ’ইন। ৩০ টা চাবোনৰ বাকচত ড্ৰাগছ সৰবৰাহ কাৰীয়ে বলেৰ বাহনৰ লাইটত লুকুৱাই আনিছিল হেৰ’ইনখিনি। মণিপুৰৰ পৰা গুৱাহাটীলৈ নি থকা অৱস্থাত বলেৰ বাহনখনত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে হেৰ’ইনখিনি।

এম এন-০১-একে-৪৭৮৯ নম্বৰৰ বলেৰ বাহনখনত ড্ৰাগছ সৰবৰাহকাৰীয়ে অতি কৌশলেৰে লাইটৰ ভিতৰত হেৰ’ইনখিনি লুকুৱাই আনিছিল। হেৰ’ইনখিনি জব্দ কৰাৰ লগতে আৰক্ষীয়ে আমজাদ আলী আৰু চৈয়দ আনিচ খান নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। দুয়োৰে ঘৰ মণিপুৰত। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।