আজিজ আলী
মুকালমুৱা : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যক জন্মদিন উপেলক্ষে সোমবাৰে বৰক্ষেত্ৰীৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত ফল মূল বিতৰণ কৰে বৰক্ষেত্ৰী অনুসুচিত জাতিয়ে৷ বৰক্ষেত্ৰী মণ্ডল অনুসুচিত জাতিৰ কৰ্মকৰ্তা সকলে পুৱা মুকালমুৱা সামূহিক চিকিৎসালয়ত উপস্থিত হৈ ৰোগী সকলৰ মাজত ফল মূল বিতৰণ কৰে৷

মুকালমুৱা সামূহিক চিকিৎসালয়ৰ ৰোগী সকলৰ লগতে নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত জয়সাগৰ, লাউঠাৰিকে ধৰি বিভিন্ন প্ৰান্তৰ কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ মাজতো ফল মূল বিতৰণ কৰে বৰক্ষেত্ৰী মণ্ডল অনুসুচিত জাতিৰ কৰ্মকৰ্তা সকলে। ৰোগী আৰু দৰিদ্ৰ পৰিয়ালৰ মাজত ফল মূল বিতৰণ কাৰ্যসূচীৰে বৰক্ষেত্ৰী মণ্ডল অনুসুচিত জাতিয়ে প্ৰধানমন্ত্ৰীৰ ৭১ সংখ্যক জন্মদিন উদযাপন কৰে৷

ফলমুল বিতৰণ কাৰ্যসূচীত অনুসুচিত জাতি মৰ্চা বৰক্ষেত্ৰী মণ্ডল সমিতিৰ সভাপতি শুক্লেশ্বৰ দাস, সাধাৰণ সম্পাদকদয় সম্বৰু কৈবৰ্ত, সঞ্জীত দাস, উপ সভাপতি দীনেশ দাস, মিডিয়া চেলৰ আহ্বায়ক মানৱ দাস, বিজেপি কৰ্মী ৰাচিউৰ ৰহমানসহ বৰক্ষেত্ৰী মণ্ডল অনুসুচিত জাতিৰ বহু কৰ্মকৰ্তা উপস্থিত থাকে৷ উল্লেখ্য যে ১৭ ছেপ্টেম্বৰৰ পৰা ২০ দিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন পালৰ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।