গুৱাহাটী : মহানগৰীত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতিকাণ্ড। দিন দুপৰতে এজন লোকৰ পৰা ৩ লাখ টকা লুটি নিলে ডকাইতে। বাইকত আহিছিল ডকাইতৰ দলটো। ডকাইতিকাণ্ডৰ সমগ্ৰ ঘটনা বন্দী চি চি টিভি কেমেৰাত।

আৰক্ষীৰ নাকৰ তলত পুনৰ মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড। মহানগৰীৰ লাচিত নগৰত এজন লোকৰ পৰা ৩ লাখ টকা লুটি নিয়ে বাইকত অহা দুইজনীয়া ডকাইতৰ দলে। বেংকত টকা জমা কৰিবলৈ অহা গেছ এজেন্সিৰ এজন লোকৰ পৰা লুটি নিয়ে টকাখিনি।

নৱজ্যোতি গেছ এজেন্সিৰ এজন কৰ্মচাৰী বেংক অব বৰোদাত তিনি লাখ টকা জমা কৰিবলৈ যাওঁতে এজন হেলমেট পৰিধান কৰা লোকে গ্ৰেছ এজেন্সিৰ কৰ্মচাৰীজনক আক্ৰমণ কৰি টকাৰ বেগ কাঢ়ি নিয়ে। ডকাইতিকাণ্ডৰ সমগ্ৰ ঘটনা চি চি টিভি কেমেৰাত আৱদ্ধ হৈছে।

এখন বাইকত দুইজনীয়া ডকাইতৰ দল আহিছিল বুলি জানিব পৰা গৈছে। ডকাইতিকাণ্ডৰ ঘটনা সন্দৰ্ভত পল্টন বজাৰ থানাত গোচৰ ৰুজু কৰা হৈছে। পল্টন বজাৰ আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।