মানকাচৰ : মানকাচৰৰ মানুল্লাপাৰাত সাধাৰণ ৰাইজৰ প্ৰতিবাদ। ৬ কোটি টকীয়া পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ বিভাগীয় ঠিকাদাৰৰ বিৰুদ্ধে। ৰাইজে বন্ধ কৰি দিলে পথ নিৰ্মাণৰ কাম। পথ নিৰ্মাণত যোগান দিয়া নাই পৰ্যাপ্ত সামগ্ৰী। জিলা উপায়ুক্তক ৰাইজে লিখিত অভিযোগ দাখিল কৰিছে।

এখন পথ নিৰ্মাণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে দক্ষিণ শালমাৰা- মানকাচজিলাৰ মানকাচৰৰ মানুল্লাপাৰাৰ ৰাইজে।পথ নিৰ্মাণৰ ঠিকা লাভ কৰা ঠিকাদাৰজনে দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী ৰাইজে পথখনৰ নিৰ্মাণ কাৰ্য আধাতে বন্ধ কৰি দিছে।

৬ কোটি টকীয়া এই পথখন নিৰ্মাণত অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। নিৰ্মাণ কাৰ্য চলি থকা অৰ্ধ নিৰ্মিত পথখনৰ পকী অংশ চপৰা চপৰে উঠি যাবলৈ ধৰিছে। ৰাইজে লোক নিৰ্মাণ বিভাগৰ অভিযন্তা আহি কাম সঠিকভাৱে কৰিবলৈ দাবী জনাইছে।

পথখন নিৰ্মাণৰ কামত দুৰ্নীতি অভিযোগ উত্থাপন কৰা ৰাইজে জিলা উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰিছে। মানকাচৰৰ বিধায়ক অমিনুল ইছলামে কিছুদিন পূৰ্বে ৯ কিলোমিটাৰ পথটো পুনৰ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল। লোক নিৰ্মান বিভাগৰ পৰা প্ৰায় ৬.১৫ কোটি টকা আবন্টন দিয়া পথটো নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে বিভাগীয় ঠিকাদাৰ বিমল আগৰৱালাই।

ঠিকাদাৰজনে পথ নিৰ্মাণৰ কামত চৰম দুৰ্নীতি কৰাৰ ফলত ৰাইজ ক্ষোভিত হৈ জিলা উপায়ুক্তক এখন লিখিত অভিযোগ দাখিল কৰাৰ লগতে বিভাগীয় অভিযন্তা আহি কাম ভালকৈ কৰিবলৈ আহ্বান জনাইছে। মানুল্লাপাৰাত ৰাইজে পথ নিৰ্মাণৰ কাম বন্ধ কৰি দিয়াত ঠিকাদাৰজনে মানুল্লাপাৰাত কাম বন্ধ কৰি পিপুলবাৰীত একেটা পথৰ আন এটা অংশত কাম আৰম্ভ কৰিছে।