তেজপুৰ : দৰং মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীক অপহৰণ। মহাবিদ্যালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ বাটৰ যুৱতী গৰাকীক আহৰণ। ছাত্ৰী গৰাকীৰ মুক্তিৰ বিনিময়ত ৫ লাখ টকা দাবী আহৰণকাৰীৰ। ঘটনা সন্দৰ্ভত গোচৰ ৰুজু।

শোণিতপুৰ জিলাৰ তেজপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ অপহৰণকাণ্ড। এগৰাকী যুৱতীক অপহৰণ কৰি মুক্তি বিনিময়ত ৫ লাখ টকা দাবী কৰিছে আহৰণকাৰীয়ে। যুৱতী গৰাকী তেজপুৰৰ হজৰাপাৰ শংকৰ নগৰৰ বাসিন্দা।

মনোজ নাথ আৰু মৃদুলা নাথৰ কন্যা পৰিস্মিতা দেৱী নামৰ যুৱতী গৰাকী দৰং মহাবিদ্যালয়ৰ পৰা ঘৰলৈ উভতি আহি থকা সময়ত দুৰ্বৃত্তই যুৱতী গৰাকীক আহৰণ কৰে। যুৱতী গৰাকী দৰং মহাবিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী।

যুৱতী গৰাকীৰ মুক্তিৰ বিনিময়ত অপহৰণকাৰীয়ে ৫ লাখ টকা দাবী কৰা বুলি যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। আহৰণৰ ঘটনাৰ লগত এজন মুন ডেকা নামৰ এজন যুৱক জড়িত থাকৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।

যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে এই আহৰণৰ ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে পৰিয়ালটোৰ গোচৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে। এই ঘটনাই সমগ্ৰ তেজপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।