আজিজ আলী
মুকালমুৱা : ১৩ বছৰে কোনো ধৰণৰ সাহায্য লাভ নকৰিলে উমেশ হালৈৰ পৰিয়ালে। ক’লা দিনটোত উচুপি উঠিছে উমেশ হালৈৰ পত্নী আৰু কন্যাই। চৰকাৰে কেৱল প্ৰতিবছৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিয়েই নিজৰ দায়িত্ব সামৰিছে।

৩০ অক্টোবৰ, এই দিনটো অসমৰ ইতিহাসত আটাইতকৈ ক’লা দিন হিচাপে থাকি যাব। ২০০৮ চনত ৩০ অক্টোবৰৰ দিনটোত অসমৰ আকাশত ছানি ধৰিছিল ক’লা ধোঁৱাই। উগ্ৰপন্থী সংগঠনে সংঘটিত কৰা ধাৰাবাহিক বোমা বিস্ফোৰণত নিহত হৈছিল কেইবাজনো লোক।

গুৱাহাটী মহানগৰীৰ লগতে কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা কপি উঠিছিল উগ্ৰপন্থীৰ বোমা বিস্ফোৰণৰ শব্দত। ২০০৮ চনৰ অভিশপ্ত ৩০ অক্টোবৰৰ দিনটোত গুৱাহাটী মহানগৰীতে তিনি ঠাইত সংঘটিত হৈছিল বিস্ফোৰণ। এই ধাৰাবাহিক বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল প্ৰায় ১০০ জন নিৰীহ লোকে।

৩০ অক্টোবৰৰ ক’লা দিনটোত পানবজাৰত সংঘটিত হোৱা বোমা বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত চান্দাৰ উমেশ হালৈ। কিন্ত অতি পৰিতাপৰ বিষয় যে আজি ১৩ বছৰ পিছতো উমেশ হালৈৰ পৰিয়ালে লাভ নকৰিলে কোনো ধৰণৰ চৰকাৰী সাহায্য।

কোনো ধৰণৰ চৰকাৰী সাহায্য লাভ নকৰা উমেশ হালৈৰ দুৰ্ভগীয়া পৰিয়ালটোৱে আনকি আজি পৰ্যন্ত চৰকাৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈও নিমন্ত্ৰণ লাভ নকৰিলে বুলি পৰিয়ালটোৱে অভিযোগ কৰে। পানবজাৰৰ বোমা বিস্ফোৰণত নিহত হোৱা উমেশ হালৈ পানবজাৰস্থিত তাঁতঘৰ ছিল্কালয়ৰ কৰ্মচাৰী আছিল।

২০০৮ চনৰ ৩০ অক্টোবৰৰ ক’লা দিনটো মনত পেলাই উমেশ হালৈৰ পত্নী ৰিনা হালৈ আৰু কন্যা তৃষ্ণা হালৈ উচুপি উঠিছে। কেৱল শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিয়ে দায়িত্ব শেষ কৰা চৰকাৰক উমেশ হালৈৰ পত্নী ৰিনা হালৈয়ে কন্যা তৃষ্ণা হালৈৰ পঢ়াৰ সুব্যৱস্থা কৰি দিয়াৰ বাবে আহ্বান জনাইছে।