গুৱাহাটী : নলাত উদ্ধাৰ হৈছে মহিলাৰ কঁকালৰ তলৰ অংশ। দুৰ্বৃত্তই হত্যা কৰি টুকুৰা-টুকুৰ কৰি কটি নলাত পেলাই যায় এগৰাকী মহিলাৰ কঁকালৰ তলৰ অংশ। শৰীৰৰ ওপৰত অংশ বিচাৰি আৰক্ষীৰ অভিযান।

গুৱাহাটীৰ খানাপাৰা উৰণীয়া সেঁতুৰ সমীপত থকা নলাত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ কঁকালৰ তলৰ অংশ। শনিবাৰে পুৱাৰ ভাগত একাংশ লোকে পলিথিনেৰে মেৰিয়াই থোৱা অৱস্থাত প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।

খবৰ পাই ঘটনাস্থলী আৰক্ষী উপস্থিত হৈ পলিথিনত মেৰিয়াই থোৱা অৱস্থাত মহিলাৰ কঁকালৰ তলৰ অংশ উদ্ধাৰ কৰে। কোনো দুৰ্বৃত্তই হত্যা কৰি মহিলা গৰাকীক টুকুৰা-টুকুৰ কৰি কাটি পেলাই যায় বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

কঁকালৰ তলৰ অংশ উদ্ধাৰ হোৱা মহিলা গৰাকীৰ কঁকালৰ ওপৰৰ অংশ উদ্ধাৰ হোৱা নাই। আৰক্ষীয়ে কঁকালৰ ওপৰৰ অংশ বিচাৰি অভিযান অব্যাহত ৰাখিছে। মৃতদেহটো কোন মহিলাৰ এতিয়াও চিনাক্ত হোৱা নাই।

নলাত এইদৰে মহিলাৰ কঁকালৰ তলৰ অংশ উদ্ধাৰ হোৱা ঘটনাই খানাপাৰা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে মহিলা গৰাকীক অন্য কোনো ঠাইত হত্যা কৰি টুকুৰা-টুকুৰ কৰি কাটি পেলাই দিয়া হৈছে।